ASSAM TIMES POST
লংকাঃ পুত্ৰ বিকলাংগ পত্নীও ব্লাড কেঞ্চাৰত ৰোগীয়া, আনহাতে দেশত লকডাউন। মাটি ভেটি বিক্ৰী কৰি সৰ্বস্ৰান্ত লংকা কাকীৰ জগত নাথ নামৰ এটি পৰিয়ালৰ। হয়টো লকডাউন শেষ হোৱা পিছতেই গৃহহীন হৈ পৰিব পৰিয়ালটি। হয়, ‘স্বব ক্যা চাথ স্বব ক্যা বিকাশ’ৰ কথা কোৱা বিজেপি চৰকাৰৰ বিকাশে ঢুকি নোপোৱা হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকী বেঙেনাআটী গাঁৱৰ জগত নাথৰ পৰিয়ালটি কৰুণ দৃশ্যই সেমেকাই তুলিব সকলোৰে চকুলো।
দুখে কুলাই পাচি নধৰা জগত নাথৰ জন্ম সূত্ৰে আছিল এটি বিকলাংগ সন্তান কিৰণ নাথ, পিছে বিধিৰ বিধান কোনোও খন্দন কৰিব নোৱাৰে, এটাৰ পিছত আন এটা সমস্যাই জৰ্জৰিত কৰি গৈছে পৰিয়ালটোক। কিন্তু খবৰ ল’বলৈ সময় নহ’ল কোনো স্থানীয় জন প্ৰতিনিধিৰ, সেয়ে উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জড়িয়তে এইক্ষেত্ৰত, অসহায় পৰিয়ালটোৱে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মানৱতাৰ স্বাৰ্থত অকন সহায়ৰ হাত আগবঢ়াবলৈ কাটৰ আহ্বান জনাইছে।













