ASSAM TIMES POST
ৰাজ্যত পুনৰ এগৰাকীৰ ব্যক্তিৰ শৰীৰত ক’ৰোনা। কাছাৰৰ এগৰাকী লোকৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা। ফলত ৰাজ্যত ৪৫গৰাকীলৈ বৃদ্ধি ক’ৰোনাত আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিলে এই কথা।

উল্লেখ্য যে, ৰাজ্যত এগৰাকী ক’ৰোনা ৰোগীৰ মত্যু হোৱাৰ লগতে এই মুহূৰ্ত লৈ সুস্থ হৈ উঠিছে ৩৪ গৰাকী ৰোগী। ফলত বৰ্তমানে সক্ৰিয় ক’ৰোনা ৰোগীৰ সংখ্যা ১২গৰাকীলৈ বৃদ্ধি হ’ল। আনহাতে, বৰ্তমানলৈ অসমত ১৩,৪৪২জন লোকক ক’ৰোনাৰ টেষ্ট কৰা হৈছে।













