ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত কৰোনা ভাইৰাছৰ বাবে লকডাউন জাৰি কৰা হৈছে। বৰ্তমান চলি আছে লকডাউনৰ তৃতীয় পৰ্যায়। ৩ মে’ত সমাপ্ত হোৱা দ্বিতীয় পৰ্যায়ৰ ৪০ দিনীয়া লকডাউনৰ সময়ছোৱাত দেশত ১.৩ বিলিয়ন লোকে ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হৈছে আৰু ইয়াৰ ফলত চাকৰি হেৰুৱাবলগীয়া হৈছে ২৭.১% লোকে। Centre for Monitoring Indian Economy Pvt. চমুকৈ CMIE-ৰ প্ৰতিবেদনত এই কথা প্ৰকাশ।
CMIE-ৰ মতে, ক্ষুদ্ৰ ব্যৱসায়ত নিয়োজিত দৈনিক শ্ৰমজীৱীসকল এই ক্ষেত্ৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে হকাৰ, পদপথৰ ব্যৱসায়ী, নিৰ্মাণ উদ্যোগত নিয়োজিত কৰ্মচাৰী আৰু ৰিক্সা-ঠেলা চলাই জীৱন নিৰ্বাহ কৰা বহু লোক।

“এইটো কেৱল চিন্তনীয় সংখ্যাই নহয়। এইটো হ’ল মানৱ ট্ৰেজেডি। কিয়নো এইসমূহেই বোধহয় সমাজৰ আটাইতকৈ বিপদগ্ৰস্ত অংশ।” CMIE-ৰ মুখ্য কাৰ্যবাহী মহেশ ব্যাসে এনেদৰে কয়।
উল্লেখযোগ্য যে ভাৰতৰ কর্মসংস্থাপন হেৰুওৱাৰ সংখ্যাটো ৩০ মিলিয়ণ আমেৰিকানতকৈ ৪ গুণেই বেছি, যিসকলে ৬ সপ্তাহৰ অধিক হ’লে নিবনুৱা ভাট্টাৰ দৰে সুবিধাসমূহ লাভ কৰে। ব্যাসে লগতে কয়, “আৰম্ভণিতে এটা লকডাউনে কেৱল আটাইতকৈ বিপদ সংকুল শ্ৰমিকসকলক আঘাত কৰে যিসমূহক অসংগঠিত খণ্ডসমূহত অনানুষ্ঠানিকভাৱে নিয়োগ কৰা হয়। ক্ৰমান্বয়ে ই অধিক সুৰক্ষিত চাকৰিসমূহতো আঘাত কৰিবলৈ আৰম্ভ কৰে।”
উল্লেখযোগ্য যে চৰকাৰে নিয়মিতভাৱে কর্মসংস্থানহীনৰ তথ্য প্ৰকাশ নকৰে। যাৰ ফলত বিনিয়োগকাৰীসকলে সময়ে-ৰ সমীক্ষাৰ ওপৰত বিশ্বাস ৰাখে, যিয়ে তেওঁলোকক শ্ৰম বজাৰত গাইডেন্স দিয়ে।













