ASSAM TIMES POST
নিউজ ডেস্ক:
২০.১ মিলিয়ন শিশু জন্ম হ’বলৈ গৈ আছে ভাৰতত। তাকো ৯ মাহৰ ভিতৰত! ইয়াকে লৈ এতিয়া ভাৰত আগবাঢ়িছে এক অপ্ৰত্যাশিত অভিলেখ ৰচিবলৈ। ইউনিচেফে প্ৰকাশ কৰা অনুসৰি, মার্চ মাহত কৰোনাক অতিমাৰী ঘোষণা কৰাৰ পিছৰে পৰা আগন্তুক ডিচেম্বৰ মাহলৈকে ভাৰতে ২০ মিলিয়নতকৈও অধিক সন্তান জন্ম দিব পুলি পূৰ্বানুমান কৰা হৈছে। উল্লেখযোগ্য যে ৪০ সপ্তাহ অৰ্থাৎ ৯ মাহৰ ভিতৰত ইমান বৃহৎ মাত্ৰাত সন্তান জন্ম দিয়াটো হ’ব এক অভিলেখ।

ইফালে, ৰাষ্ট্ৰসংঘৰ শিশু নিধিয়ে সতৰ্ক কৰি দিছে যে এই মহামাৰীৰ সময়ত বিশ্বজুৰি গৰ্ভৱতী মহিলা আৰু জন্ম পোৱা শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পাৰে।
অনুমান কৰা মতে, কোভিড১৯ৰ ছাত্ৰছায়াত সমগ্ৰ বিশ্বত ১১৬ মিলিয়ন শিশু জন্ম পাব। ১০ মে’ৰ মাতৃ দিৱসৰ আগ মুহূৰ্তত বুধবাৰে এই তথ্য প্ৰকাশ কৰে ইউনিচেফে। উল্লেখযোগ্য যে সৰ্বাধিক সংখ্যক শিশু জন্ম দিব বুলি পূৰ্বানুমান কৰা অন্য দেশসমূহৰ ভিতৰত চীন (১৩.৫ মিলিয়ন) দ্বিতীয় স্থানত, নাইজেৰিয়া (৬.৪ মিলিয়ন) তৃতীয়, পাকিস্তান (৫ মিলিয়ন) চতুৰ্থ আৰু ইন্দোনেছিয়া (৪ মিলিয়ন) পঞ্চম স্থানত থাকিব।













