ASSAM TIMES POST
উৎপল দাস
গোলাঘাটঃ ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হোৱা দেখা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰা ছোৱাইন ফিভাৰৰ ফলত মৃত্যুমুখত পৰিছে শ শ গাহৰি৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰত উটি অহা ইটোৰ পাছত সিটো মৃত গাহৰি সোমাই পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷
মৃত গাহৰিবোৰ এনেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ বন সংমণ্ডলৰ অন্তৰ্গত ষষ্ঠ সংযোজন এলেকাত সোমাই পৰাত উদ্যানখনৰ বাবে সংকটৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ যাৰ বাবে তৎপৰ হৈ উঠিছে উদ্যান কৰ্তৃপক্ষ৷ প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ বন সংমণ্ডল বিষয়া মুকুট দাসৰ তৎপৰতাত নদীত উটি অহা গাহৰিৰ মৃতদেহ উদ্ধাৰ কৰি পুতি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন কৰ্মীসকলে৷
শেহতীয়া তথ্য অনুসৰি ৩০টাৰো অধিক মৃত গাহৰি ইতিমধ্যে নদীৰ পৰা উদ্ধাৰ কৰা হৈছে৷ একেদৰে ধনশিৰি নদীতো দৃষ্টি ৰাখিছে উদ্যান কৰ্তৃপক্ষই৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলতো বৃহৎ সংখ্যক গাহৰি ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱাত উদ্যান কৰ্তৃপক্ষই পশু চিকিৎসা বিভাগ আৰু স্বেচ্ছাসেৱী সংস্থাৰ সৈতে আলোচনাত মিলিত হৈ ২২টা পশু চিকিৎসা গোট গঠন কৰি ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত সজাগতাৰ অৰ্থে প্ৰেৰণ কৰে৷
তদুপৰি ছোৱাইন ফিভাৰৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰি উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ মিহিমুখকে ধৰি আন কেইবাটাও বন শিবিৰত থকা হাতীসমূহ ইতিমধ্যে স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে৷
কাৰণ হাতীসমূহক যোগান ধৰা দানা ভক্ষণ কৰে একাংশ বনৰীয়া গাহৰিয়ে৷ দানা খাবলৈ নিতৌ শিবিৰসমূহলৈ আগমন ঘটে বনৰীয়া গাহৰি৷ গতিকে সাৱধানতা অৱলম্বন কৰি হাতীসমূহ ৰাষ্ট্ৰীয় উদ্যানখনৰ আন ঠাইলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে উদ্যান কৰ্তৃপক্ষই৷













