ASSAM TIMES POST
উৎপল দাস:
বৃহস্পতিবাৰে গোলাঘাটৰ নুমলীগড় চাহ বাগিচাত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়৷ চাহ বাগিচাখনত শ্ৰমিকসকলে পাত চিঙি থকা অৱস্থাত এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে প্ৰায় ১৩ ফুট দীঘল প্ৰকাণ্ড অজগৰডাল।
লগে লগে আতংকময় পৰিৱেশৰ সৃষ্টি হয় বাগিচাখনত৷ পিছত শ্ৰমিকসকলে অজগৰডাল বাগিচাৰ মাজৰ পৰা উলিয়াই আনি বন বিভাগৰ লোকক চমজাই দিয়ে। বন বিভাগে গোলাঘাটৰ দেওপাহাৰত অজগৰ ডাল এৰি দিয়ে জাানিব পৰা যায়৷।













