ASSAM TIMES POST
নিউজ ডেস্ক:
বহিৰাজ্য ৰেড জনৰ পৰা অহা প্ৰতিজন ব্যক্তিক চৰকাৰে নিজাকৈ স্থাপন কৰা কোৱাৰেণ্টাই চেণ্টাৰ সমূহত ৰখা হব-এই ঘোষণা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।যদি প্ৰয়োজন নাথাকে কোনো ব্যক্তি বাহিৰলৈ ওলাই নাহিব বুলি আহ্বান জনায় মন্ত্ৰী শৰ্মাই কয় “অসমৰ প্ৰত্যাহ্বান সময় আৰম্ভ হৈছে”।
সামাজিক দূৰত্ব গুৰুত্ব নিদিয়া দোকান সমূহক উদ্দেশ্য কৰি মন্ত্ৰী শৰ্মাই কয় “যদি সেই দোকানত যোৱা কোনো ব্যক্তি দেহত কোভিড-১৯ ধৰা পৰিলে দোকানখনৰ ওপৰত লোৱা হব কঠোৰ ব্যৱস্থা।২৮দিনৰ বাবে সেই দোকানখন বন্ধ কৰি দিয়া হব।সামজিক দূৰত্ব বৰ্তাই ৰখাত দোকান খনে গুৰুত্ব দিয়ক”।
শুকুৰবাৰে ৰাজ্যৰ চৰকাৰে জাৰি কৰিব এক অধিসূচনা।যত মাক্স পৰিধান নকৰি ঘূৰি ফুৰা ব্যক্তি সকলে ভৰিব লাগিব ৫০০টকা-মন্ত্ৰী গৰাকীয়ে লগতে কয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ গুৱাহাটীৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় “কালিলৈ পৰা ৰাজ্য কৰ্মচাৰীৰ সকলৰ দৰমহা মুকলি কৰি দিয়া হব”।লগতে কৰ্মচাৰী সকলক আহ্বান জনায় কয় “যিসকল কৰ্মচাৰীয়ে পাৰে ঘৰৰ ওচৰৰ বয়োজ্যেষ্ঠ-বৃদ্ধি ব্যক্তি সকলক সহায় কৰক।
ৰাজ্য গাঁৱে গাঁৱে জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা চিকিৎসক-নাৰ্ছ সকলে জ্বৰ-কাঁহ হৈ থকা ব্যক্তিসকলৰ সংগ্ৰহ কৰিব নমুনা।আগন্তক ১মাহত ২৫হাজাৰ গাঁৱৰ পৰা সংগ্ৰহ কৰা হব এই নুমুনা।নমুনা পৰীক্ষাৰ কৰা হ’ব গাওঁ সমূহলৈ ক’ৰনা বিয়পিছে নিকি-এই কথা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে সুৰাৰ দাম বৃদ্ধি সন্দৰ্ভত অৰুণাচল আৰু মেঘালয় চৰকাৰৰ সৈতে একেলগে সিদ্ধান্ত গ্ৰহণ কৰিব।তাৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হব ৰাজ্যিক কেবিনেট।উল্লেখ কথা এই যে চুবুৰীয়া ৰাজ্যত যদি সুৰাৰ দাম বৃদ্ধি নহয় তেন্তে অসম চৰকাৰে অকলে দাম বৃদ্ধি কৰিলে ৰাজহ হেৰুৱাব।













