ASSAM TIMES POST
গুৱাহাটীঃ লকডাউনৰ মাজতে ৰাজ্য শিক্ষা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুলাইত নাপাই ছাত্ৰ-ছাত্ৰীয়ে গৰম বন্ধ। তাৰ পৰিৱৰ্তে ১ মে’ৰ পৰা ৩১ মে’লৈ ৰাজ্যত গৰম বন্ধ আনুষ্ঠানিক ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে।
জুন মাহৰ মাজ ভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমি চূড়ান্ত পৰীক্ষা ফলাফল ফলাফল ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-ৰিজাল্ট ঘোষণাৰ পিছতে ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৰ দৰে বিদ্যালয়ত নাপাব মাৰ্কচিত। তাৰ পৰিৱৰ্তে ডিজিটেল মার্কচিত লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে। পৰৱৰ্তী সময়ত ডিজিটেল মাৰ্কচিতৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে ল’ব পাৰিব উচ্চতৰ মাধ্যমিক আৰু স্নাতক বর্ষত কৰিব পাৰিব নামভৰ্তি”।
ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি প্ৰক্রিয়া অনলাইনত কৰা হ’ব বুলি ঘোষণা কৰি মন্ত্ৰী শৰ্মাই কয় “নামভৰ্তি যিহেতু বিনামূলীয়া তাৰ বাবে বিশেষ চিন্তা কৰিব লগা একো নাই। নামভৰ্তি ফৰ্মখনতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বেংক একাউন্টৰ নম্বৰ দিব লাগিব। যিহেতু ক’ৰনা বাবে ছাত্ৰ-ছাত্ৰীক সাহায্য দিব লগা হ’লে তাৰ জৰিয়তে দিয়া হব”।
উচ্চতৰ মাধ্যমিকৰ দ্বিতীত বর্ষলৈ পোৱা ছাত্ৰ-ছাত্ৰীসকলক নিজ-নিজ বিদ্যালয়ত অহা ২৬-২৮ মে’ত তিনিদিনৰ বাবে প্ৰদান কৰা হ’ব পাঠ্যপুথি। মাস্ক, সামাজিক দূৰত্ব মানি চলি ছাত্ৰ-ছাত্ৰীসকলে কিতাপ সংগ্ৰহ কৰিব পাৰিব”।
আনহাতে দেশৰ অন্য ৰাজ্য সমূহৰ দৰে অসমৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে ক’ৰনা বাবে শিক্ষাবর্ষ হেৰোৱাব লগা নহয় তাৰ বাবে শিক্ষাবর্ষ ১এপ্ৰিলৰ পৰা ৩১মার্চলৈ কৰিব পৰা যায় নেকি তাৰ পৰামৰ্শ ৰাজ্য শিক্ষাবিদ আৰু ৰাইজৰ পৰা বিচাৰিছে মন্ত্ৰী শৰ্মাই।পৰামৰ্শ সমূহ অহা ১৫দিনৰ ভিতৰত ছেৱালৈ পঠোৱা বাবে আহ্বান জনায় সংবাদ মেলৰ জৰিয়তে।













