ASSAM TIMES POST
নগাঁও : নগঞা ৰাইজৰ প্ৰাণ স্পন্দন স্বৰূপ কলং নৈ লকডাউনৰ সময়ছোৱাত প্ৰাকৃতিকভাৱে কিছু প্ৰদুষণ মুক্ত হৈ পৰা বুলি চৰ্চা চলি থকাৰ মাজতে নগাঁও পৌৰসভাকে ধৰি একাংশ লোকে কলঙৰ দাঁতিত আৱৰ্জনা পেলোৱাক কেন্দ্ৰ কৰি প্ৰকৃতিপ্ৰেমী সংগঠন আৰু সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিশেষকৈ নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিৰ কলঙৰ পাৰত নগাঁও পৌৰসভাই আৱৰ্জনা পেলোৱাক লৈ নগাঁৱৰ সচেতন মহলে আশ্চর্য প্ৰকাশ কৰে ।
আনহাতে, কলঙক পুনৰ প্ৰৱাহিত কৰি নৈখনৰ দুয়োপাৰৰ সৌন্দৰ্য্য বৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ শেহতীয়াকৈ বিষয়টো দৃষ্টি গোচৰ হোৱাত আজি পুৱা বিধায়ক শৰ্মাই সমগ্ৰ বিষয়টো নিজে অনুসন্ধান কৰে। বিধায়ক শৰ্মাই নগাঁও পৌৰসভাক অনতিপলমে কলঙৰ পাৰৰ আৱৰ্জনা আঁতৰাবলৈ কঠোৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীৰ নিৰ্দেশত তৎপৰহৈ পৰে নগাঁও পৌৰসভা। নগাঁও পৌৰসভাই তাৎক্ষণিক ভাবে প্ৰায় ৬-৭খন আৱৰ্জনা কঢ়িওৱা গাড়ী, জে চি বি আদি ব্যৱহাৰ কৰি নেহৰুবালিৰ উক্ত স্থানৰ পৰা আৱৰ্জনাৰ দ’ম আঁতৰাই নগাঁও চহৰৰ উপকণ্ঠৰ কোনো পৰিত্যক্ত মুকলি স্হানলৈ আৱৰ্জনাসমূহ স্থানান্তৰিত কৰে।
উল্লেখ্য প্ৰকৃতিপ্ৰেমী সংগঠন আৰু নগাঁৱৰ সচেতন মহলৰ লগতে বিধায়ক ৰূপক শৰ্মাৰ কলঙক প্ৰদূষণ মুক্ত কৰি ৰখাৰ আহবানক আওকান কৰি একাংশ লোকে নিজৰ ঘৰৰ আৱৰ্জনা কলঙৰ দাঁতিত পেলাই নৈখনক প্ৰদুষিত কৰি আহিছে। শেহতীয়াকৈ নগাঁও পৌৰসভায়ো এনে অবিবেচক কাৰ্য সংঘটিত কৰাত সচেতন মহলে আশ্চর্য প্ৰকাশ কৰিছে।
কলঙৰ দাঁতিত আৱৰ্জনা পেলোৱা লোকৰ বিৰুদ্ধে জৰিমনা আদায়কে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নগাঁৱৰ সচেতন নাগৰিকে। এই সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই কয় যে, অনাগত সময়ত যাতে নগাঁও পৌৰসভাৰ দ্বাৰা এনে কাৰ্য নহয় আমি সতৰ্ক দৃষ্টি ৰাখিম। কলঙক প্ৰদূষণ মুক্ত কৰি ৰখাটো নগাঁও জিলা প্ৰশাসন, পৌৰসভাৰ লগতে নগাঁৱৰ প্ৰতিজন নাগৰিকৰে কৰ্তব্য। তেওঁ আৰু কয় যে প্ৰতিজন নাগৰিক সচেষ্ট হওক, সজাগ হওক। বিশেষকৈ কলঙৰ পাৰৰ বাসিন্দাসকলে কলংখন প্ৰদূষণ মুক্ত আৰু পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত পৌৰসভা তথা প্ৰশাসনক সহযোগিতা আগবঢ়াওক। সকলোৰে প্ৰচেষ্টাত বহু কবি-সাহিত্যিকৰ সৃষ্টিৰ থলী আমাৰ আপোন কলঙক আমি সুন্দৰ কৰি তুলিম।













