ASSAM TIMES POST
নগাঁও : আজি প্ৰায় দুমাহ ধৰি স্বাস্থ্য বিভাগৰ চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীকে ধৰি সংশ্লিষ্ট সকলোৱে কভিড-১৯ প্ৰতিৰোধৰ বাবে নিৰন্তৰ যুঁজ দি আহিছে। আশাৰ খবৰটো হ’ল এতিয়ালৈকে জিলাখনত এজনৰো কভিড-১৯ৰ পজিটিভ নাই। জিলা স্বাস্থ্য বিভাগৰ সুত্ৰই জনোৱা মতে, জিলাখনত বৰ্তমান ৩৫ গৰাকী লোক তিনিখন চিকিৎসালয়ত কোৱাৰেনন্টাইন হৈ আছে । ইয়াৰে উজৰাগাঁও আদৰ্শ চিকিৎসালয়ত ২৩ গৰাকী আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৮ গৰাকী আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৪ গৰাকী কোৱাৰেনন্টাইন হৈ আছে। উজৰাগাঁও চিকিৎসালয়খনত আজি নতুনকৈ কোৱাৰেন্টাইন কৰা ৪জন লোকো আছে ।
আজি কোৱাৰেন্টাইন কৰা লোক কেইজন জিলাখনৰ ধিঙৰ। প্ৰায় দুমাহ ধৰি কেইদিনমান আগলৈকে ৰেড জোন হিচাপে চিহ্নিত, বৰ্তমান অৰেঞ্জ জ’ন হিচাপে চিহ্নিত মৰিগাঁও জিলাৰ জাগীৰোডত এই পৰিয়ালটো আছিল। কালি পিতা-পুত্ৰসহ চাৰিজনীয়া পৰিয়ালৰলোক কেইজন ধিঙলৈ অহাৰ পিছত আৰক্ষী আৰু স্বাস্থ্য বিভাগে এই বিষয়ে অৱগত হোৱাত লোক কেইজনক ধৰি আনি আজি লোককেইজনক উজৰাগাঁও আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্বাস্থ্য বিভাগে এওলোকৰ লেলাৱতীৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইপিনে, আজি নগাঁৱত কোনো লোক কৰোনাত আক্ৰান্ত হোৱা বুলি উৰা বাতৰিয়ে নগাঁৱৰ সৰ্বসাধাৰণক শংকিত কৰি তোলে। বিভিন্ন জনে সংবাদ মাধ্যমৰ লোকলৈ এনে খবৰৰ সত্যতা বিচাৰি বহু বাৰ ফোনো কৰে। সচেতন মহলে এনে উৰা বাতৰি প্ৰচাৰ কৰি বিভ্ৰান্তি নকৰিবলৈ সংশ্লিষ্ট সকলোকে আহবান জনাইছে।













