ASSAM TIMES POST
নগাঁও জিলাৰ শালনা বন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ এজন জোৱান লাৰুধন বৰদলৈ (৩৮) আজি সন্ধিয়া সাত বজাত বনৰীয়া হাতীৰ আক্ৰমনত নিহত হয় । নিহত গৃহৰক্ষী বাহিনীৰ জোৱানজনৰ ঘৰ মৰিগাঁও জিলাৰ হালধিঅটিৰ। ঘটনাৰ বিবৰণী অনসৰি, পুৰণা শালনা চাহ বাগিচাত আজি পুৱাৰে পৰা সাতটা হাতীৰ জাক এটাই অৱস্থান কৰি আছিল।
আজি আবেলি পাঁচ বজাত শালনা ৰেঞ্জৰ বন কৰ্মচাৰী দল এটাৰ লগত গৃহৰক্ষী লাৰুধন বৰদলৈও হাতী খেদিবলৈ গৈছিল। হাতী খেদি থাকোতে জাকৰ পৰা ফালৰি কাটি অহা বন্য হাতীয়ে গৃহৰক্ষী জোৱানজনক উৰ্পযুপৰি চাহ বাগিচাৰ মাজতে আক্ৰমন কৰি গুৰুত্বভাৱে আহত কৰে।
পাছত বন ৰক্ষীৰ দলটোৱে গুলিচালনা কৰি হাতীৰ জকটো খেদি পঠাই আহত লাৰুধন বৰদলৈক উদ্ধাৰ কৰি নগাঁৱলৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও নিশা সাত বাজি ৩০ মিনিটত গৃহৰক্ষী জোৱানজন চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে।













