ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটীত পুনৰ চাৰিজন ব্যক্তিৰ দেহত ক’ৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে। তাৰে এজন বহিঃ ৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইনত থকা। বাকী তিনিজন গুৱাহাটীৰে বুলি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটযোগে জানিবলৈ দিছে।

এক সুত্ৰ অনুসৰি বাকী তিনিজনৰ এগৰাকী জিএমচিৰ ডাক্তৰ, এগৰাকী চানমাৰী অঞ্চলৰ মহিলা আৰু আনগৰাকী বিৰুবাৰী কেন্সাৰ হাস্পাটালৰ ক’লনী অঞ্চলত বাস কৰে বুলি জানিব পৰা গৈছে।
বৰ্তমান অসমত আক্রান্তৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি পালে।













