ASSAM TIMES POST
এগৰাকী ১৬ বছৰীয়া ক’ৰোনা আক্রান্ত কিশোৰীৰ গুৱাহাটী মহেন্দ্ৰ মহোন চৌধুৰী মেডিকেলত মৃত্যু হয়।উল্লেখযোগ্য যে, এই তথ্য আমি বিশেষ সুত্ৰৰ পৰা পোৱাহে। চৰকাৰী আনুষ্ঠানিকতা এতিয়াও বাকী। কিশোৰীগৰাকী বঙাইগাঁৱৰ বুলি জানিব পৰা গৈছে।তথ্য অনুসৰি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ক্লীনাৰ ক’লনীৰ ১৬ বছৰীয়া এগৰাকী কিশোৰী কিছুদিন জ্বৰ, কাঁহত ভুগি আছিল।
বুধবাৰে কিশোৰীগৰাকী মৃত্যু হোৱাৰ পিছত সন্দেহবশতঃ ক’ৰোনা টেষ্ট কৰাৰ পিছত ধৰা পৰে ক’ৰোনাৰ অৱস্থিতি। কিশোৰীগৰাকীৰ আইতাক আৰু তেওঁৰ পৰিয়ালৰ আন সকলক ইতিমধ্যে কোৱাৰেন্টাইন কৰা হৈছে।
ফলত এতিয়া মনলৈ শংকা আহিছে যে, গুৱাহাটীৰ বহু অচিন লোকে দেহত কঢ়িয়াই লৈ ফুৰিছে নেকি ক’ৰোনা ভাইৰাছ ?গুৱাহাটীত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱা চাৰিগৰাকী ৰোগীৰ নাই কোনো কণ্টেক্ট হিষ্ট্ৰী।
**** সকলো ঘৰত থাকক, সুৰক্ষিত থাকক, সচেতন হওক ****













