ASSAM TIMES POST
নিউজ ডেস্ক:
গুৱাহাটীৰ বিৰোবাৰী স্থিত বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট ছীল কৰা হৈছে।১০ মে’লৈ ৰোগী বাবে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয়খন।নতুনকৈ কোনো ৰোগীক চিকিৎসালয় ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।গেট বন্ধ কৰি দিয়া হৈছে চিকিৎসালয় খন।চিকিৎসালয়খন সম্পূৰ্ন চেনিটাইজ কৰা পিছতহে নতুন ৰোগীৰ বাবে মুকলি কৰি দিয়া হব।এই কথা অৱগত কৰিছে চিকিৎসালয় কতিপক্ষই।চিকিৎসালয় সূত্ৰত প্ৰকাশ কৰা অনুসৰি সম্পূৰ্ন চিকিৎসালয় খন চাফা কৰি নিৰাপদ কৰাৰ পিছতহে ৰোগী বাবে মুকলি কৰা হব।
উল্লেখ যে কৰ্কট প্ৰতিষ্ঠানখনৰ লগত জড়িত এগৰাকীৰ ১৬বছৰীয়া কিশোৰী দীপিকা নাথ কোভিড-১৯ মৃত্যু হোৱাৰ পিছতে এই ঘোষণা কৰিছে।













