ASSAM TIMES POST
নিউজ ডেস্ক:
গুৱাহাটী মেডিকেল কলেজৰ ৫নং হোষ্টেল আৰু ১নং হোষ্টেল কন্ত্ৰেনমেণ্ট জন ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।মেডিকেল কলেজ খনৰ স্নাতকোত্তৰ বর্ষ ছাত্ৰ জন ডাঃ লিথিকেশ। লিথিকেশৰ ঘৰ আছিল কৰ্ণাটকত।কোভিড-১৯ পৰীক্ষাৰ কামত জড়িত আছিল চিকিৎসক ছাত্ৰজন।যিসকল চিকিৎসক-নাৰ্ছ সংস্পৰ্শলৈ আক্রান্ত চিকিৎসক জন আহিছিল তেওঁলোকক কৰা হব পৰীক্ষা।
ইফালে নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে মেডিকেলখন।স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ তদাৰক কৰিছে সকলো।
মেডিকেল কলেজ খনৰ ৫নং হোষ্টেলত আছিল চিকিৎসক ছাত্ৰজন।যিহেতু ১নং সুস্থটো ৫নং হোষ্টেলৰ কাষতে গতিকে হোষ্টেল দুটা বন্ধ কৰি দিয়া হৈছে।













