ASSAM TIMES POST
নিউজ ডেস্ক :
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পিতালৰ স্নাতকোত্তৰ ছাত্ৰ চিকিৎসক ডাঃ লিথিকেশ দত্তৰ দেহত কোভিড-১৯ধৰা পৰাৰ পিছতেই অধিক জটিল হৈ পৰিছে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ পৰিৱেশ। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ৰমেন তালুকদাৰসহ ৯জন চিকিৎসকক কৰা হৈছে কোৱাৰেণ্টাইন।
ইতিমধ্যে আক্রান্ত ছাত্ৰ চিকিৎসক জন থকা ৫নম্বৰ হোষ্টেল আৰু তাৰ সমীপৰ ১নং হোষ্টেলো চীল কৰিছে প্ৰশাসনে।
ইফালে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক-নাৰ্ছ আৰু চিকিৎসাকর্মী সকলৰো পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি থকা হৈছে।













