ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰশিক্ষণ চলি থকা অৱস্থাতে ভাঙি পৰিল বায়ুসেনাৰ এখন মিগ৷ অৱশ্যে প্ৰাণ ৰক্ষা পৰিল তিনিজনৰ পাইলটৰ৷ হেলিকপ্টাৰ পঠাই এই পাইলট তিনিজনক উদ্ধাৰ কৰি অনা হয়৷ তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে৷ শুকুৰবাৰে দিনৰ ১০ বজাত এই ঘটনাটো পঞ্জাৱৰ জলন্ধৰৰ শ্বহীদ ভগৎ সিং নগৰৰ ছুহাৰপুৰ গাঁৱত সংঘটিত হয়৷ বায়ুসেনাৰ সূত্ৰে জানিব পৰা মতে, প্ৰশিক্ষণ চলি থকা সময়ত আকাশত যান্ত্ৰিক বিজুতি ঘটাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷ বিমানখন পাইলটে নিয়ন্ত্ৰণলৈ আনিব নোৱাৰিলে৷
কোনোতে পাইলটকেইজনে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়৷ হেলিকপ্টাৰ পঠিয়াই তেওঁলোকক উদ্ধাৰ কৰি অনা হয়৷ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ বাবে তদন্ত কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ যিখন মিগ-২৯ ভাঙি পৰিল সেইখন ছোভিয়েট ৰাছিয়াৰ সময়ৰে৷ ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত এই মিগখন ব্যৱহাৰ কৰা হৈছিল৷ শত্ৰুপক্ষৰ যুদ্ধ বিমানৰ পৰা উৰি অহা বোমা প্ৰতিৰৎ কৰাত এই মিগখন ব্যৱহাৰ কৰা হৈছিল৷













