ASSAM TIMES POST
নিউজ ডেস্ক:
গুৱাহাটীৰ চাৰিগৰাকীৰ কোভিড-১৯ আক্রান্ত সবিশেষ অৱশেষত সংবাদ মেলৰ জৰিয়তে অৱগত কৰিলে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি আক্রান্তৰ দেৱৰাজ আচাৰ্য বাহিৰে বাকী তিনিজন আক্রান্ত নাই কোনো ট্ৰেভেল শিষ্টৰী।বাইহাটা চাৰিআলি আক্রান্ত দেৱৰাজ নিজৰ গাড়ী লৈ চিলিগুৰি মেদিনাপূৰৰ পৰা দুই বন্ধু সৈতে আহিছিল।সৰুহজাই কোৱাৰেণ্টাইন কৰা আছিল তেওঁক।পিছত তেওঁ দেহত কোভিড-১৯ লাভ কৰাত লগত অহা দুই বন্ধুকো কৰা হয় কোৱাৰেণ্টাইন।
আনহাতে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ ডাঃ লিথিকেশ ডি এছ নামৰ মেডিচিন বিভাগৰ ছাত্ৰ গৰাকীৰ ২৭এপ্ৰিলৰ পৰা কিছু লক্ষণ দেখা দিছিল।কোভিড-১৯ টেষ্টত জড়িত থকা কনিষ্ঠ চিকিৎসক গৰাকীৰ ৩০এপ্ৰিলত এখন ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিছিল এই কথা প্ৰকাশ কৰি মন্ত্ৰী শৰ্মাই কয় “আক্রান্ত চিকিৎসক গৰাকীৰ সান্নিধ্যত অহাৰ বাবে চিকিৎসা মহাবিদ্যালয় খনৰ দুই প্ৰফেছৰ অধীক্ষক ডাঃ ৰমেন তালুলদাৰ আৰু ডাঃ বসন্ত হাজৰিকাসহ স্নাতক আৰু স্নাতকোত্ত ৩৮৬গৰাকীক কৰা হৈছে কোৱাৰেণ্টাইন।তাৰ ভিতৰত আছে প্ৰশাসনি আৰু তৃতীয়-চতুৰ্থবৰ্গ কৰ্মচাৰী”।
ছাত্ৰজন থকা ১নং হোষ্টেল আৰু ৫নং কেইবাদিনো ভাত খাব যোৱা বাবে কণ্ট্ৰেমেণ্ট জন হিচাপে ঘোষণা কৰা হৈছে।তিনিদিনৰ বাবে ৰোগীৰ বাবে বন্ধ চিকিৎসা মহাবিদ্যালয় খন।
চিকিৎসা মহাবিদ্যালয় খনৰ চিকিৎসক-নাৰ্ছ তথা চিকিৎসাকর্মী সকলৰ ইতিমধ্যে নমুনা সংগ্ৰহ কৰা হৈছে।মাজ ৰাতি ফলাফল সমূহ পোৱা হব -মন্ত্ৰী শৰ্মাই লগতে কয়।
আন এগৰাকীৰ আক্রান্ত খাৰঘুলি পাহাৰৰ বৰদা দাস।আক্রান্ত সময়ত ছোৱালী সৈতে আছিল।তেওঁ জ্বৰ আৰু পিছলৈ ডায়েৰীয়া লক্ষণ দেখা দিছিল।প্ৰথম এম এম চিত দেখাই পিছত জি এম চি এইছত কৰা হয় পৰীক্ষাৰ।বৰ্তমান তেওঁ পৰিয়ালক কৰা হৈছে কোৱাৰেণ্টাইন।
আনহাতে ইতিমধ্যে মৃত্যু হোৱা দীপিকা নামৰ ১৬বছৰীয়া কিশোৰী গৰাকীৰ পৰিয়ালক কোৱাৰেণ্টাইন কৰা হৈছে।বি বৰুৱা কৰ্মচাৰী কলনি কণ্ট্ৰেমেণ্ট জন ঘোষণা কৰা হৈছে।
গুৰুত্বপূৰ্ণ কথা এই যে আক্রান্ত ব্যক্তি সকলৰ ফলাফল লাভ কৰা তিনিঘন্টাৰ পিছতে শেহতীয়া ভাৱে সাক্ষাৎ কৰা ব্যক্তিসকলক চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে মন্ত্ৰী শৰ্মাই ৰাইজক আহ্বান জনায় কয় “গুৱাহাটীৰ মহানগৰীৰ ভিতৰত সংক্ৰমণ আছে।কাঁহ, জ্বৰ আৰু ডায়েৰীয়া লক্ষণ দেখিলে ১০৪ৰ জৰিয়তে চিকিৎসকৰ লগত যোগাযোগ কৰি পৰামৰ্শ গ্ৰহণ কৰক।শিশু আৰু ৬৫বছৰৰ উদ্ধ ব্যক্ত সকলক ওলাই নাহিব”।
আতংকিত হোৱাৰ প্ৰয়োজন নাই।আক্রান্ত ব্যক্তিৰ পৰিয়ালে সহায় কৰিছে।লকডাউনৰ শিথিলতা ভংগ কৰিছে গুৱাহাটী ৰাইজে।পিতৃ -মাতৃ সকলে ১২বছৰৰ তলৰ সন্তানক লগত লৈ ওলাই আহিছে।













