ASSAM TIMES POST
নিউজ ডেস্ক :
দেশত অব্যাহত আছে ক’ৰোনাৰ তাণ্ডৱ। আবাল বৃদ্ধ বনিতা সকলোৱে ভুগিছে প্ৰাণৰ আশংকাত।তাৰ মাজতেই বৃহস্পতিবাৰে অন্ধ্ৰ-প্ৰদেশৰ বিশাষাপট্টনমত সংঘটিত হয় এক ভয়ংকৰ দূৰ্ঘটনা। ৰাজ্যখনৰ গোপালাপট্টনমত অৱস্থিত এটা পলিমাৰ কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ ১১জনকৈ লোক মৃত্যুৰ মুখত পৰাৰ বিপৰীতে সহস্ৰাধিক লোক গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছিল।
ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ নিৰ্দেশ দিয়ে।আনহাতে মুখ্যমন্ত্ৰী ৰেড্ডীয়ে দুৰ্ঘটনাটোত নিহত হোৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ ১কোটি টকা আৰু গুৰুতৰ ভাৱে আহত হোৱা লোকসকলক ১০ লাখ টকাকৈ সাহাৰ্য্য দিয়াৰ কথাও ঘোষণা কৰে।













