ASSAM TIMES POST
নগাঁও: গুৱাহাটীৰ পৰা অহা চি আই ডিৰ এটা দলে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত আজি নগাঁও চহৰৰ পাৰ্শৱৰ্তী চাৰিখুটিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ড্ৰাগছ ব্যৱসায়ৰ সৈতে জৰিত এজন ই ৰিক্সা চালকক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
জানিব পৰা মতে, চি আই ডিৰ দলটোৱে কুখ্যাত ড্ৰাগছ মাফিয়া ৰিপুল খানৰ সন্ধানত এই অভিযানটো চলাইছিল। জিতেন বৰ্মন নামৰ বিষয়াজনৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা চি আই ডিৰ দলটোৱে মৰিকলং আৰক্ষীৰ সহযোগত এই অভিযানটো চলায়।
চি আই ডি-আৰক্ষীৰ দলটোৱে ৰিপুল খান নামৰ কুখ্যাত ড্ৰাগছ মাফিয়া জনৰ ঘৰত অভিযান চলাই যদিও তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল। পাছত দলটোৱে ৰিপুলৰ এজন সহযোগী তথা ই ৰিক্সা চালক নেকিব আহমেদৰ পানীগাঁও কচলুখোৱাস্থ ঘৰত তালাচী চলাই নেকিৱক গ্ৰেপ্তাৰ কৰাৰ লগতে কিছু পৰিমানৰ নিচাযুক্ত ঔষধো জব্দ কৰে।
পাছত দলটোৱে ৰিপুলৰ আন এজন এজেন্ট জাকিৰ হুছেইনৰ ঘৰত তালাচী চলাই যদিও তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল। অৱশ্যে দলটোৱে তেওঁৰ ঘৰৰ শৌচাগাৰৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত চাৰি কাৰ্টুন নিচাযুক্ত ঔষধ আৰু আন ৩৭ বটল নিচাযুক্ত ঔষধো জব্দ কৰিবলৈ সক্ষম হয়।
ইপিনে, চি আই ডিৰ দলটোৱে ধৃত নেকিবক গুৱাহাটীলৈ লৈ যায়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, চি আই ডিয়ে ১০/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত বিচাৰি ফুৰা নগাঁৱৰ কচলুখোৱা পানীগাঁৱৰ ৰিপুল খান এজন কুখ্যাত ড্ৰাগছ মাফিয়া।













