ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
কৰ’ণা ভাইৰাচৰ প্ৰতিৰোধৰ বাবে দেশত চলি আছে তৃতীয় পৰ্যায়ৰ লক-ডাউন। ইতিমধ্যে লক-ডাউনৰ বাবে বহিঃৰাজ্যত থকা অসমৰ বৃহৎ সংখ্যক শ্ৰমিক আৰু ছাত্ৰ ছাত্ৰী আৱদ্ধ হৈ পৰিছে নিজ নিজ স্থানত। ভীষণ আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে এই সকল লোক।
বোকাখাত মহকুমাৰো বাৰশৰ অধিক লোক অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত শ্ৰমিক হিচাপে কাম কৰি আছে। ইতিমধ্যে বোকাখাত আৰু কমাৰগাঁও থানা এলেকাৰ গাঁওৰক্ষী সংগঠনে এই সকলৰ তালিকা প্ৰস্তুত কৰি উলিয়াই আৰক্ষী প্ৰশাসনক প্ৰদান কৰা বুলি গাঁওৰক্ষী সংগঠনৰ বোকাখাত থানা সমিতিৰ সভাপতি মৃদুল বৰাৰ পৰা জানিব পৰা গৈছে।
বোকাখাত থানা আৰু কঁহৰা আৰক্ষী চকীৰ অধীনৰ এলেকাৰ ৬০৯ গৰাকী লোক দেশৰ বিভিন্ন ঠাইত থকাৰ লগতে কমাৰগাঁও আৰক্ষী থানাৰ অধীনৰ এলেকাতো ৬ শতাধিক লোক আছে। ইয়াৰ ৮৫ ভাগে শ্ৰমিক হিচাপে কাম আছে। বাকী সকল ছাত্ৰ ছাত্ৰী।
এই হিচাপত বহিঃৰাজ্যত চৰকাৰী অথবা বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি কৰি থকা সকলক সামৰি লোৱা নাই। সম্প্ৰতি বোকাখাতৰ বিভিন্ন জনে ৰাজ্যৰ বাহিৰত থকা এনে লোকসকললৈ আগ বঢ়াইছে আৰ্থিক সহায়। ব্যতিক্রম নহয় বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম।
তেখেতে যোৱা দিন কেইটাত কমেও ১০ গৰাকী ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোকক আৰ্থিক সকাহ প্ৰদান কৰিছে। ৫ মে’ত মহকুমাধিপতি শ্যামে মহাৰাষ্ট্ৰত আবদ্ধ হৈ থকা বোকাখাতৰ কুৰুৱাবাহীৰ ৪ জন যুৱকৰ বেংক একাউন্টত জমা দিছে ৪ হাজাৰ টকা। মহকুমাধিপতি গৰাকীৰ এনে বদান্যতাৰ বোকাখাত বাসীয়ে প্ৰশংসা কৰিছে।













