ASSAM TIMES POST
নিউজ ডেস্ক:
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জনতা ভৱনত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।বৈঠক খনত গ্ৰহণ কৰা হয় সুৰা মূল্যবৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সেই অনুসৰি সুৰাৰ ওপৰত ২৫% শতাংশ অতিৰিক্ত কৰ বৃদ্ধি কৰা হৈছে।
এই কথা জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্য বিধ্বস্ত অৰ্থনীতিৰ উদ্ধাৰ কৰাৰ বাবে আৰোপ কৰা হৈছে অতিৰিক্ত মূল্য।ফলত ১০০০কোটি ৰাজহ সংগ্ৰহ হব চৰকাৰৰ।
কৃষি মাৰ্কেটিং বৰ্ডৰ পূৰ্বৰ আইন বাতিল সিদ্ধান্ত কেবিনেটৰ।জাৰি কৰা হ’ল নতুন অধ্যাদেশ।কৃষি মাৰ্কেটিং বৰ্ডৰ কৰ্মচাৰীক অন্য বিভাগত কৰা হব নিয়োগ।বৰ্তমান বৰ্ড চলি থাকিব। কিন্তু ভৱিষ্যতে এখন নিৰ্বাচিত বৰ্ড হৈ থাকিব।
কৃষকে নিৰ্বাচিত কৰিব তাৰ সদস্য সকলক- মন্ত্ৰী পাটোৱাৰীয়ে কয়।ইফালে সামাজিক দুৰত্ব মানি চাহ বাগিচা সমূহৰ কাম সম্পূৰ্ন ৰূপে চলিব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।













