ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : লকডাউনৰ ফলত ৰাজস্থানত অসমৰ দুই যুৱক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। চৰম হতাশা আৰু অনিশ্চয়তাত অনহাৰ আৰু অনিদ্ৰাত কান্দি কান্দি অস্থিৰ হৈছে অসমৰ দুজন যুৱক। তাৰে এজন বোকাখাতৰ ম’হমাইকী গাঁৱৰ শুভাংকৰ দে। ম’হমাইকী গাঁৱৰ বিমান চন্দ্ৰ দেৰ পুত্ৰ শুভাংকৰৰ সৈতে একেটা কোঠাত ৰাজস্থানৰ জয়পুৰৰ গোপালপুৰত আৱদ্ধ হৈ আছে গুৱাহাটীৰ ছয়মাইলৰ হৰি সিঙৰ পুত্ৰ বিশাল সিং। লক-ডাউনৰ ফলত বন্ধ হৈ আছে কচিং চেণ্টাৰ। যি ঠাইত তেওঁলোক আছে সেয়া ৰেড জ’ন। দ্ৰুতগতিত সংক্ৰমিত হৈছে কভিড-১৯। ধাৰাবাহিকভাৱে মৃত্যু হৈছে মানুহৰ। কঠোৰ লক-ডাউনৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈ বাহিৰলৈ ওলাব নোৱাৰা হৈছে মানুহ।
কোনোমতে দিনটোত এবাৰ খাই জীয়াই আছে। লকডাউন শিথিল কৰাৰ পাছত অসম চৰকাৰে বাহিৰত থকা ছাত্ৰ আৰু অন্যান্য লোকক ঘূৰাই আনিবলৈ দিয়া ৭৮২৮১৫৯৯৬৬ নম্বৰত মিছ কল দিছিল আৰু সেইমতে তেওঁৰ নাম ৰেজিষ্টাৰ হোৱা বুলিও ৬ দিনৰ আগতে জনাইছিল। ৰেজিষ্টেচন নম্বৰ “ই-পাছ হ’ম/২০২০/০২০৪০ বুলিও শুভাংকৰে টেলিফোনিক বাৰ্তালাপ আৰু মেছেজ যোগে আজি বোকাখাতৰ সাংবাদিকক জানিবলৈ দিছে।
ইতিপূৰ্বে তেওঁ ফেচবুক লাইভ যোগে দুয়োজনকে উদ্ধাৰ কৰিবলৈ এনে বিপৰ্যয়ৰ সময়ত অসম চৰকাৰক কান্দি কান্দি অনুৰোধ জনাইছে। কিয়নো ই-পাছৰ ৰেজিষ্টেচন নম্বৰ পোৱাৰ পাছতো তেওঁলোকৰ লগত কোনো পক্ষই যোগাযোগ কৰা নাই। খাদ্যৰ অভাৱত প্ৰচণ্ড হতাশাত ভাগি পৰা ক্ৰন্দৰত শুভাংকৰে ‘মই ভাল পৰিয়ালৰ সন্তান। এনেকুৱা পৰিৱেশ কেতিয়াও পোৱা নাই’ বুলি পিতৃ মাতৃৰ কাষলৈ উভতি যাবলৈ ব্যাকুল হৈ পৰা শুভাংকৰৰ ফেচবুক লাইভে আবেগিক কৰি তুলিছে অসমৰ প্ৰতিগৰাকী পিতৃ-মাতৃক।
ইফালে, বোকাখাতৰ সাংবাদিকে বিষয়টো আজি সন্ধ্যা স্থানীয় ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালাক অৱগত কৰাত তেখেতে ছাত্ৰ দুজন থকা স্থানৰ নিকতৱৰ্তী এজন লোকৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। ছাত্ৰ দুজনৰ প্ৰয়োজনত ৰাজস্থানৰ লোকজনে সহায়ো আগবঢ়াব বুলি লগতে জানিবলৈ দিছে ব্যৱসায়ীগৰাকীয়ে।













