ASSAM TIMES POST
ডিজিটেল ডেস্ক:
ভাৰতত বৰ্তমান কৰোনা আক্ৰান্তৰ সংখ্যা প্ৰায় ৬০ হাজাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৰিপোৰ্ট অনুসৰি, ৯ মে’ৰ পুৱা ৮টা পর্যন্ত দেশত কৰোনা আক্ৰান্তৰ সংখ্যা ৫৯,৬৬২। কোভিড১৯ত এতিয়ালৈকে মৃত্যু হৈছে ১৯৮১জনৰ। আৰু সুস্থ হৈ উঠিছে ১৭,৮৪৭জন।
বিগত ২৪ ঘণ্টাত অৰ্থাৎ ৮ মে’ পুৱা ৮ বজাৰ পৰা ৯ মে’ৰ পুৱা ৮ বজালৈ দেশত কৰোনাত আক্ৰান্ত হৈছে ৩৩২০জন। মৃত্যু হৈছে ৯৫জনৰ। অৱশ্যে ইয়াৰ মাজত সুস্থও হৈ উঠিছে ১৩০৭জন। অৰ্থাৎ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ মতে, এতিয়া দেশত সুস্থ হৈ উঠাৰ হাৰ ৩০ শতাংশ।













