ASSAM TIMES POST
ডিজিটেল ডেস্ক:
এসপ্তাহৰ ভিতৰতে আৰম্ভ হ’ব ঘৰুৱা বিমান পৰিবহণ! এই সম্ভাৱনাই প্ৰকাশ কৰিলে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। উল্লেখযোগ্য যে ভাৰতত বাণিজ্যিক বিমানৰ সেৱা লকডাউনৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰাই বন্ধ আছে।
আউটলুকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে দেশৰ বাহিৰত আবদ্ধ হৈ থকা আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা ভাৰতীয়সকলক উদ্ধাৰৰ বাবেও পৰিকল্পনা যুগুত কৰিছে। আনহাতে, দেশৰ গ্ৰীণ জ’নসমূহৰ মাজত বিমান সেৱা শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলিও তেওঁ লগতে কয়।
উল্লেখযোগ্য যে এই ঘৰুৱা বিমান সেৱা অহা ১৫ মে’ৰ পূৰ্বৰ পৰাই আৰম্ভ হোৱাৰ ইংগিত প্ৰদান কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।













