ASSAM TIMES POST
ডিজিটেল ডেস্ক:
তামিলনাডুৰ এখন ভেষজ (হাৰবেল) উৎপাদন ফাৰ্মৰ এজন কৰ্মচাৰী ক’ভিড-১৯ৰ ঔষধ প্ৰস্তুত কৰি সেৱন কৰাৰ পাছত চেন্নাইত মৃত্যু হয়৷ সেই ঔষধ ফাৰ্মখনৰ স্বত্বাধিকাৰীৰেও সেৱন কৰিছিল৷ কোম্পানীটোৰ ফাৰ্মাচিষ্ট আৰু প্ৰডাকচন মেনেজাৰ কে শিৱানেছান (৪৭) নামৰ লোকজনৰ লগতে ৰাজকুমাৰ (৬৭) নামৰ লোক দুজনে ঔষধ সেৱন কৰি পৰীক্ষা কৰে৷ ইয়াৰ পাছতে দুয়োজন অজ্ঞান হৈ পৰে৷ তেওঁলোকক ততালিকে চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়৷
শিৱানেছান নামৰ লোকজন ৰাজধানীৰ কাষৰীয়া পেৰুনগুদিৰ বাসিন্দা৷ তেওঁ বহু পৰিমাণৰ ঔষধ সেৱন কৰে৷ এই লোকজন ৰাজধানীৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷ ৰাজকুমাৰে কম পৰিমাণে ঔষধ সেৱন কৰে৷ ফলত তেওঁ এতিয়া সুস্থ হৈ উঠিছে৷ অৱশ্যে তেওঁৰ চিকিৎসা চলি আছে৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে এই পৰ্যন্ত ছাৰ্ছ-ক’ভ-২ৰ কোনো অনুমোদিত চিকিৎসা বা ঔষধ ওলোৱা নাই৷ এই লোক দুজনে ছাৰ্ছ-ক’ভ-২ৰ ঔষধৰ বাবে পৰীক্ষা কৰোতেই অঘটনটো সংঘটিত হয়৷













