ASSAM TIMES POST
ডিজিটেল ডেস্ক:
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে কোভিড১৯ৰ বাবে যদি শোচনীয় পৰিস্থিতিৰ সৃষ্টি হয় তাৰবাবে ভাৰত সাজু আছে।
শনিবাৰে এক সংবাদ মেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত অন্য উন্নত দেশসমূহৰ দৰে অতি বেয়া পৰিস্থিতিৰ তেওঁ কামনা নকৰে বুলি উল্লেখ কৰি তেওঁ কয়, “আমি কেতিয়াও কৰোনা ভাইৰাছৰ বাবে অন্যান্য উন্নত দেশসমূহৰ দৰে অতি শোচনীয় পৰিস্থিতিৰ আমাৰ ইয়াত উদ্ভৱ হোৱাটো নিবিচাৰোঁ যদিও বৰ্তমানলৈকে গোটেই দেশক তেনে শোচনীয় পৰিস্থিতিৰ বাবে সাজু কৰি ৰাখিছোঁ।”
আমাৰ দেশখনত মৃত্যুৰ হাৰ এতিয়াও ৩.৩%ৰ ভিতৰতে আছে আৰু সুস্থ হৈ উঠাৰ হাৰ ২৯.৯%লৈ বৃদ্ধি পাইছে, এইবোৰ অতি ভাল সূচক। শেহতীয়া ৩ দিনত দুগুণৰ হাৰ ১১ দিনৰ ভিতৰত, যিটো যোৱা ৭ দিনত ৯.৯ দিনৰ ভিতৰত আছিল বুলিও হৰ্ষবৰ্ধনে কয়।













