ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাতঃ কভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে দেশত চলা লক-ডাউনৰ ফলত গ্ৰাম্য অৰ্থনীতি থানবান হোৱাৰ পথত। সমান্তৰালকৈ পশুধন মষিমূৰ কৰি অসমৰ গ্ৰাম্য অৰ্থনীতিত অধিক আঘাট হানিছেহি আফ্ৰিকান ছোৱাইন জ্বৰ মহামাৰীয়ে। বোকাখাত মহকুমাৰ কেইবাটাও অঞ্চলত গাহৰিৰ অস্বাভাৱিক মৃত্যু এতিয়া আতংকৰ কাৰণ হৈ পৰিছে। সম্প্ৰতি ১৪৪ ধাৰা জাৰি কৰা হৈছে বোকাখাত মহকুমাত গাহৰিৰ সংক্ৰমক মহামাৰীৰ প্ৰতিৰোধৰ বাবে। প্ৰশাসনে নিষেধ কৰিছে গাহৰি মাংসৰ কটা, বেচা আৰু ক্ৰয় আৰু লৈছে বিভিন্ন পদক্ষেপ। এই আফ্ৰিকান ছোৱাইন ফিভাৰৰ সন্দৰ্ভতে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ কৃষি, পশু পালন, পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী অতুল বৰাৰ উপস্থিতিত এখনি জৰুৰী বৈঠক আহ্বান কৰা হয়।
মন্ত্রীগৰাকীয়ে মহকুমাটোত আফ্ৰিকান ছোৱাইন ফিভাৰৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে জিলা তথা মহকুমা পশু চিকিৎসা বিভাগৰ মূৰব্বী বিষয়াসকলৰ লগত বিতংভাবে আলোচনা কৰে। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্ৰী অতুল বৰাই পশু চিকিৎসা বিভাগক সষ্টম হৈ থকাৰ লগতে মহকুমাটোৰ গাহৰি পালকসকলক যথাবিহিত সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। মন্ত্রীগৰাকীয়ে মহকুমাটোত আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত সজাগতামূলক অভিযানৰ ওপৰত গুৰুত্ব দিবলৈও বিভাগটোক নিৰ্দেশ দিয়ে।

বোকাখাত মহকুমা পশু চিকিৎসা বিভাগে জানিবলৈ দিছে যে, বোকাখাত মহকুমাৰ তিনিটা মৌজাত তিনিটাকৈ টাস্ক ফৰ্চ গঠন কৰা হৈছে আৰু গাহৰি পালক সকলৰ মাজত বৰ্তমানলৈকে ৪৮খন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আজিৰে পৰা গাহৰি পালন কৰা অঞ্চলসমূহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা বীজাণুমুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিলৈ যাতে এই ৰোগ সংক্ৰমিত নহয় তাৰ প্ৰতি সতৰ্ক হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। বৈঠকত মহকুমা পশু চিকিৎসা বিভাগে দিয়া তথ্য অনুসৰি মহকুমাটোত মুঠ ঘৰচীয়া গাহৰিৰ সংখ্যা প্ৰায় ৩০ হাজাৰ আৰু এতিয়ালৈকে মহকুমাটোত মুঠ ৭৩৫ টা গাহৰিৰ বিভিন্ন কাৰণত মৃত্যু হৈছে। মৃত গাহৰিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
বৈঠকৰ অন্তত মন্ত্রীগৰাকীয়ে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ লগতে মহকুমাটোৰ বিভিন্ন গাহৰি পালন কৰা এলেকাসমূহৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আজিৰ এই বৈঠকত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, চক্ৰ বিষয়া মানসজ্যোতি নাথ, সহকাৰী আয়ুক্তদ্বয় ক্ৰমে শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ, চক্ৰ বিষয়া (সংলগ্ন) শ্বগুফ্তা অঞ্জুম চোহেলী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰ, পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈ, বোকাখাত মহকুমা পশু চিকিৎসা বিষয়া ডাঃ ৰঞ্জিত বৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোকো উপস্থিত থাকে।













