ASSAM TIMES POST
নগাঁও, ৯ মে :
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত নগাঁও জিলাত ৰূপায়ন হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বুজ লবৰ বাবে আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে নগাঁৱলৈ আহে । নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এক পয্যালোচনা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে নগাঁও জিলাত ৰূপায়ন হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম কাজৰ বুজ লয় । উক্ত সভাত মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ), এম জি এনৰেগাকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে বিস্তৃত ভাবে আলোচনা কৰে।
মন্ত্ৰী গৰাকীয়ে চৰকাৰে ৰূপায়ন কৰা আঁচনি সমূহৰ জৰিয়তে ৰাইজে যাতে সুফল লাভ কৰে আৰু ৰাইজ যাতে উপকৃত হয় তাৰ ওপৰত বিভাগীয় বিষয়া সকলক লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰী গৰাকীয়ে সকলোকে সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায় । আজিৰ এই সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব, নগাঁও জিলাৰ উপায়ুক্ত, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াকে প্ৰমুখ্যে বিভাগটোৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।













