ASSAM TIMES POST
ডিজিটেল ডেস্ক:
পুনৰ প্ৰব্ৰজিত শ্রমিকৰ ৰক্তৰে ৰঞ্জিত হ’ল ৰাজপথ। এইবাৰ ঘটনাস্থল মধ্যপ্রদেশ। তেলাঙ্গনাৰ হায়দৰাবাদৰ পৰা ঘৰলৈ উভতিছিল ২০ জন প্ৰব্ৰজিত শ্রমিকৰ এটি দল। ট্রেনত আহিব নোৱাৰি নিজৰ জমাপুঁজি খৰচ কৰিয়েই ট্রাক ভাড়া কৰিছিল। উদ্দেশ্য আছিল একেলগে যেনেভাবেই হওক ঘৰলৈ উভতি যোৱা। কিন্তু তাতেও শেষ ৰক্ষা নহ’ল। ট্রাকখন বাগৰি পৰাত ঘটনাস্থলীতেই মৃত্যু হ’ল ৫ প্ৰব্ৰজিত শ্রমিকৰ। আহত হৈছে ১১ জন।
মধ্যপ্রদেশৰ ভূপালৰ পৰা প্রায় ২০০ কিলোমিটাৰ দূৰৈৰ নৰসিংপুৰত সংঘটিত হয় এই দুর্ঘটনা। স্থানীয় উপায়ুক্ত দীপক চাক্সেনাই কয়, আহতসকলৰ প্রত্যেকৰেই চিকিৎসাৰ ব্যবস্থা কৰা হৈছে। আহতসকল কৰোনাত আক্রান্ত নেকি তাক জনাৰ বাবে তেওঁলোকৰ নমুনাও সংগ্রহ কৰা হৈছে। আহতসকলৰ ভিতৰত দুজনৰ অবস্থা শঙ্কাজনক বুলিও তেওঁ জনাইছে।
তেলাঙ্গনাৰ হায়দৰাবাদৰ পৰা এখন আম ভৰ্তি ট্রাকতেই ঘৰ উদ্দেশ্যে ৰাওনা হৈছিল ২০ শ্রমিককেইজন। গন্তব্য স্থান আছিল উত্তৰ প্রদেশৰ ঝাঁচি।
জানিব পৰা মতে শনিবাৰে মাজনিশা সংঘটিত হয় এই দুর্ঘটনা।













