ASSAM TIMES POST
ডিজিটেল ডেস্ক:
দেশত কৰোনা সংক্রমণৰ এই সংকটময় পৰিস্থিতিত সাধাৰণ জনতাৰ ওচৰলৈ সাহায্য উপলব্ধ কৰোৱাৰ বাবে মোদীয়ে সৃষ্টি কৰে পিএম কেয়াৰ্ছ পুঁজি। দেশৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি অভিনেতা, খেলুৱৈ, সমাজকর্মী, নেতা আনকি সাধাৰণ লোকেও এই পুঁজিত দান কৰিছে। কেৱল সেয়াই নহয়, কৰোনাৰ সংক্রমণ তদুপৰি লকডাউনৰ ফলত ক্ষতিগ্রস্তসকলক সাহায্য কৰিবলৈ বিদেশৰ পৰাও বৰঙনি আহিছে। কিন্তু এই পুঁজিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্য।
পিএম কেয়াৰ্ছ পুঁজিত প্রায় ১৫০ কোটি টকা জমা হ’লেও সেই ধন কেতিয়া কিমান পৰিমাণত খৰচ কৰা হৈছে তাক লৈ মুখ খোলা নাই চৰকাৰে। কিছু কিছু কোম্পানীয়ে নিজৰ কর্মচাৰীসকলক বেতন দিব নোৱাৰিলেও পিএম কেয়াৰ্ছ পুঁজিত দান কৰিছে। দৰিদ্রসকলৰ সাহায্যৰ বাবে প্রতিদিনেই এই পুঁজিত প্রায় হাজাৰ-কোটি টকা জমা হৈছে। কিন্তু প্ৰব্ৰজিত শ্রমিকসকলক ঘৰলৈ পঠোৱাৰ নামত ৰে’লভাড়া আদায় কৰিছে মোদী চৰকাৰে।

আশ্চর্যৰ বিষয় হ’ল, প্রধানমন্ত্রীৰ কার্যালয়ে এইবাৰ এইটো দাবী কৰিছে যে পিএম কেয়াৰ্ছ পুঁজিত কিমান টকা জমা হৈছে তেওঁলোকেও নাজানে। সংবাদ সংস্থাৰ তথ্য অনুযায়ী, প্রধানমন্ত্রীয়ে নিজেই নাজানে যে এই প্রধানমন্ত্রী পুঁজিত অদ্যাপি কিমান টকা জমা হৈছে। এই বিষয়ে পিএম কেয়াৰ্ছ পুঁজিৰ ওৱেবছাইটতো কোনো তথ্য দেখুওৱা হোৱা নাই। আনকি যেতিয়া আৰটিআই-ৰ পক্ষৰ পৰা পিএম কেয়াৰ্ছ পুঁজিৰ সকলো তথ্যকে সার্বজনীনভাবে দেখুওৱাৰ দাবী কৰা হ’ল, তেতিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰিষ্কাৰভাবে জনাই দিলে, “আমি কাগজ নেদেখুৱাও”।
কোৱা বাহুল্য, প্রধানমন্ত্রীৰ এই সিদ্ধান্তৰ পিছতেই মাত মাতিছে বিৰোধীয়ে। ছ’চিয়েল মিডিয়াতো উঠিছে গৰিহণাৰ জোৱাৰ। পিএম কেয়াৰ্ছ পুঁজিত দান আহিছে সাধাৰণ জনতাৰ বাবে। তেতিয়াহ’লে কিয় সাধাৰণ জনতাকেই এই ধন ক’ত আৰু কিমান পৰিমাণত খৰচ হৈছে সেই বিষয়ে একো জনোৱা হোৱা নাই? বাৰম্বাৰ এই প্রশ্নই উঠি আছে। কেৱল সেয়াই নহয়, পুঁজিলৈ অহা ধনক বিজেপিয়ে নিজৰ দলীয় কামত ব্যৱহাৰ কৰিছে বুলিও ওলাইছে ছ’চিয়েল মিডিয়াত।













