ASSAM TIMES POST
ডিজিটেল ডেস্ক:
পুনৰ ভাৰত-চীন সীমান্তত উত্তেজনাই বিৰাজ কৰিছে৷ উত্তৰ ছিকিমৰ নাকুলাত শনিবাৰে দুয়ো পক্ষৰ সেনা সংঘৰ্ষত জড়িত হয়৷ হতাহতি আৰু ঘুচিয়াঘুচিত দুয়ো পক্ষৰ কেইবাজনো আহত হয়৷ ফলত সংঘৰ্ষ ডাঙৰ হ’বলৈ নাপালে৷ স্থানীয় স্তৰতে শেষ পৰ্যন্ত এই সংঘৰ্ষ শাম কাটে৷
নাম প্ৰকাশৰ অনিচ্ছুক সেনাৰ দুজন বিষয়াই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে জনায় যে মুগুথাঙৰ ৫ হাজাৰ ফুট উচ্চতাৰ নাকুলা ছেক্টৰত দুয়োপক্ষৰ ১৫০জন জোৱানৰ মাজত এই সংঘৰ্ষ হয়৷ তাতে ৪জন ভাৰতীয় জোৱান আৰু ৭জন চীনা জোৱান আহত হয়৷













