ASSAM TIMES POST
গুৱাহাটী :দৰিদ্ৰৰ কৃষকৰ বাবে ৰূপায়ন কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিত অৱাধ দুৰ্নীতি সংঘটিত হৈছে।দৰিদ্ৰ কৃষকলৈ অহা আঁচনি ধন এচাম বিজেপিৰ নেতা- পালিনেতা তথা ৱাৰ্ড মেম্বাৰ আশীষত সংঘটিত হৈছে দুৰ্নীতি”- এই গুৰুত্বৰ অভিযোগ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস।
তেওঁ কয় হিতাধিকাৰী তালিকাত নাম সোমোৱা একাংশ লোক খেতিয়কে নহয়। যত আছে চৰকাৰীৰ কৰ্মচাৰীৰ, পেঞ্চনাৰ, সুলভ মূল্য দোকানী আৰু ব্যৱসায়ী নাম।সভাপতি দাসে তথ্য সহকাৰে দাঙি ধৰি কয় নগাঁও জিলা ৰহা কৃষি উপ-সংমণ্ডলৰ বগলাহান পঞ্চায়তত প্ৰায় ৪০৯জন কৃষকক আঁচনিৰ ধন প্ৰদান কৰা হৈছে।
কিন্তু দুৰ্ভাগ্যজনক ভাৱে ১০০প্ৰায় জনৰো অধিক ধন লাভ কৰাৰ হিতাধিকাৰী চৰকাৰীৰ কৰ্মচাৰীৰ, পেঞ্চনাৰ, ব্যৱসায়ী আৰু সুলভ মূল্য দোকানীয়ো আছে।যি সময়ত ক’ৰনা মহামাৰীৰ দৰে ভয়াবহ সময় চলি আছে।মাহৰ পিচত মাহ তলাবন্ধ ঘোষণা হৈছে।
এনে সময়ত প্ৰকৃত কৃষকক বঞ্চিত কৰি স্বজন, তোষন আৰু দুৰ্নীতিৰে এচাম ভুৱা কৃষকক একে ৰাতি ভিতৰতে আৰ্থিক সাহায্য প্ৰদান কৰিছে তেনে কৃষি বিষয়া বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।লগতে জড়িত থকা ৱাৰ্ডমেম্বাৰ, বিজেপি নেতা-পালিনেতা সকলৰ ওপৰতো কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে”-দাবী সংগঠনতোৰ ।













