ASSAM TIMES POST
ডিজিটেল ডেস্ক:
এইবাৰ ছেল্ফ-আইছ’লেচনলৈ গ’ল বিশ্বৰ অন্যতম শীৰ্ষ জীৱাণু বিশেষজ্ঞ তথা হুৱাইট হাউচৰ ক’ৰোনা ভাইৰাছ টাস্ক ফ’ৰ্চৰ সদস্য এণ্টনী ফাউচি৷ তেঃ সৈতে টাস্ক ফ’ৰ্চৰ আন দুগৰাকী বিশেষজ্ঞ সদস্য ক্ৰমে ৰেডফিল্ড আৰু হেন ছেল্ফ-আইছ’লেচনলৈ গৈছে৷ তেওঁলোক তিনিওজন পেথোজেলৰ সংস্পৰ্শলৈ আহিছিল বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ৷
উল্লেখ্য যে শুকুৰবাৰে উপ ৰাষ্ট্ৰপতি মাইক পেন্সৰ জনসংযোগ সচিবৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছিল৷ তাৰ পাছত হুৱাইট হাউযৰ শীৰ্ষ কৰ্মকৰ্তাৰ শাৰীৰিক অৱস্থাক লৈ চিকিৎসকসকল উদ্বিগ্ন হৈ পৰিছিল৷ জীৱাণু বিশেষজ্ঞজনে হুৱাইট হাউচৰ কৰ্মচাৰীসকলৰ সৈতে তাৰ পাছত যোগাযোগ কৰা নাছিল৷ সেয়ে তেওঁ কোৱাৰেণ্টাইনত থাকিব নালাগে৷

জীৱাণুক লৈ পৰীক্ষা কৰাৰ কাৰণে তিনিওজনে নিয়মিত ক’ভিড-১৯ পৰীক্ষা কৰি গৈছিল আৰু এতিয়াও ৰিপৰ্ট ঋণাত্মক আহিছে বুলি জানিব পৰা গৈছে৷
আনহাতে ৰেডফিল্ড আৰু হান অহা দুটা সপ্তাহৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি প্ৰকাশ৷













