ASSAM TIMES POST
ডিজিটেল ডেস্ক:
দেশত ৫৪ দিনীয়া লকডাউনৰ শেষৰ সপ্তাহত আজি প্রধান মন্ত্ৰী নৰেন্দ্র মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিও কণফাৰেঞ্চৰ জৰিয়তে বৈঠকত মিলিত হ’ব। আজি বিয়লি ৩ বজাত অনুষ্ঠিত হ’বলগা এইখন হ’ব লকডাউনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰীৰ পঞ্চমলানি বৈঠক।
ইফালে আজিৰ বৈঠকত লকডাউন, উঠাই লোৱা, দেশ তথা ৰাজ্যসমূহৰ অৰ্থনৈতিক অৱস্থা স্বাভাৱিক কৰা, লকডাউনৰ পিছত কৰোনাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পৰা যাব আদি বিষয়ৰ ওপৰত আলোচনা হ’ব বুলি আশা কৰা হৈছে।
আনহাতে, ক্ৰমাগতভাৱে লকডাউনত অনা শিথিলতাৰ বাবে কেন্দ্ৰই লকডাউন দীঘলীয়া নকৰিব বুলি অনুমান কৰা হৈছে। ইয়াৰ ইংগিত পোৱা গৈছে ১২ তাৰিখৰ পৰা ৰে’লসেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্তৰ পৰা। সমান্তৰালকৈ আকৌ তেলেংগানাকে ধৰি কেইখনমান ৰাজ্যই লকডাউনৰ ম্যাদ নিজাববীয়াকৈ বৃদ্ধি কৰিছে। অনেক্ষেত্ৰত আজিৰ বৈঠকখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ লকডাউন অহা ১৭ মে’ত অন্ত পৰিব।













