ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
গোলাঘাট শাখা সাহিত্য সভাই যোৱা বৰ্ষত অনুষ্ঠিত কৰা উপন্যাস প্ৰতিযোগিতাৰ ফলাফল সোমবাৰে ঘোষণা কৰে৷ পাণ্ডুলিপিসমূহৰ পৰীক্ষণ ইতিমধ্যে সম্পন্ন হোৱাত যোৱা ২৩ এপ্ৰিলত অৰ্থাৎ বিশ্ব গ্ৰন্থ দিৱসৰ দিনা বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সভাই গ্ৰহণ কৰিছিল যদিও শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উক্ত কাৰ্যসূচী বাতিল কৰে৷
সেয়েহে বিচাৰকসকলৰ অনুমতি সাপেক্ষে পাণ্ডুলিপিৰ ফলাফলসমূহ সোমবাৰে ঘোষণা কৰা হয় বুলি সভাৰ সম্পাদক সুনীল ৰাজগুৰুৱে জানিবলৈ দিয়ে। বিজয়ী প্ৰতিযোগী কৰ্মে প্ৰথম স্থান অধিকাৰ কৰে যোৰহাট বিজয় নগৰৰ চক্ৰেন শইকীয়া আৰু দ্বিতীয় স্থান অধিকাৰ কৰে নগাঁও শেনচোৱাৰ অঞ্জলি মহন্তই৷ বিজেতাসকলক বটা বিতৰণী অনুষ্ঠানৰ দিন বৰ্তমানে ধাৰ্য কৰা হোৱা নাই৷ এই সন্দৰ্ভত পৰৱৰ্তী সময়ত জনোৱা হ’ব বুলি সম্পাদকগৰাকীয়ে লগতে জনায়৷













