ASSAM TIMES POST
উৎপল দাস, গোলাঘাট:
গোলাঘাট স্বাস্থ্য বিভাগে ক’ভিড-১৯ৰ চিকিৎসালয়ৰ বাবে আয়োজন কৰা চাফাই কৰ্মীৰ সোমবাৰে সাক্ষাৎকাৰ হোৱাৰ কথা আছিল। কিন্তু বিভিন্ন জিলাৰ পৰা অহা কেইবাশতাধিক চাকৰি প্ৰাৰ্থীয়ে ভিৰ কৰে কাৰ্যালয়টোত। অৱশ্যে সাক্ষাৎকাৰ আৰম্ভ কৰিছিল৷
ফলত কেইবাজনৰো সাক্ষাৎকাৰ অনুষ্ঠিত হয়৷ অৱশেষত দণ্ডাধীশ, আৰক্ষী উপস্থিত বিশৃংখলৰ বাবে সাক্ষাৎকাৰ স্থগিত ৰখা বুলি ঘোষণা কৰিবলৈ বাধ্য হ’ল স্বাস্থ্য বিভাগ৷ ফলত বিভিন্ন প্ৰান্তৰ পৰা বহু আশাৰে অহা চাকৰি প্ৰাৰ্থী উভতি যায়৷ অহা ১৫ মে’ত পুনৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব বুলি স্বাস্থ্য বিভাগে সদৰী কৰে৷













