ASSAM TIMES POST
নগাঁও:লকডাউনৰ বাবে বহি: ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ শ্ৰমিক, চিকিৎসাৰ বাবে যোৱা লোক, শিক্ষাৰ্থী আদিক ৰেল যোগে অসমলৈ ওভতাই আনিবৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহন কৰিছে। কাইলৈ পৰা ৰেল যোগে এই সকল লোকে অসমলৈ যাত্ৰা কৰিব।
ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাৰ বহি: ৰাজ্যত আবদ্ধ হৈ থকা কেবা হাজাৰ লোক জিলাখনলৈ অহাটো প্ৰকট হৈ পৰিছে। বহি: ৰাজ্যৰ পৰা নগাঁও জিলালৈ অহা লোকক চাপৰমুখ ৰেল জংচনত নমাৰ পিছতে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগে স্কিনিঙৰ ব্যৱস্থা কৰিছে ।
ইতিমধ্যে এই সন্দৰ্ভত প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জনোৱা মতে, বহি:ৰাজ্যৰ পৰা অহা লোকক স্কিনিং কৰি জিলাখনৰ বিভিন্ন স্থানত কোৱাৰেনন্টাইন কৰা হ’ব।
ইয়াৰ বাবে জিলা প্ৰসাশনে ১৭ টা স্থান নিৰ্নয় কৰিছে। আমনিৰ এছ আই আৰ ডি কমপ্লেক্স, পঞ্চায়ত সমূহীয়া ভৱন, আমলখি হাইস্কুল, নলতলিৰ কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ, নতুনকৈ নিৰ্মাণ কৰি থকা চিমনা বস্তি হস্পিতাল, লাইলুৰি ছাত্ৰী নিবাস, চামগুৰিৰ দুখন শিক্ষানুষ্ঠান, পুৰণিগুদামৰ বিবাহ ভৱন, ৰহা, ডিমৌ, কঠিয়াতলীকে ধৰি প্ৰায় ১৭ টা স্থানত এই লোকসকলক কোৱাৰেনন্টাইন কৰা হ’ব ।
জিলা প্ৰশাসনে প্ৰায় এহেজাৰ লোকক কোৱাৰেনন্টাইন কৰাৰ ব্যৱস্থা লৈছে। আনহাতে নগাঁও চহৰক কোৱাৰেনন্টাইন শিবিৰ কেন্দ্ৰ স্থাপনৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। উল্লেখ্য যে বহি:ৰাজ্যত নগাঁও জিলাৰ প্ৰায় ২০ সহস্ৰাধিক লোক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ।
বহি: ৰাজ্যত থকা লোকসকলে নিজৰ ঘৰলৈ আহিবৰ বাবে জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰিছে বুলি জানিব পৰা গৈছে । এই সকল লোকক লৈ এতিয়া চিন্তিত হৈ পৰিছে নগাঁৱৰ জনসাধাৰণ । বহি: ৰাজ্যৰ পৰা গৃহামুখী লোকৰ আগমনৰ ফলত নগাঁও জিলাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে।
আনহাতে, হোজাই জিলাৰ লামডিং ৰেল জংচনত হোজাই জিলা প্ৰশাসনে বহি: ৰাজ্যৰ পৰা অহা লোকক স্কিনিঙৰ ব্যৱস্থা কৰিছে। ইপিনে, দিল্লীৰ পৰা সোমবাৰে আগতলালৈ আহিব লগা ৰেলৰ যাত্ৰী সকলক হোজাই ৰেল ষ্টেচনত স্কিনিঙৰ ব্যৱস্থা কৰা হৈছে ।













