ASSAM TIMES POST
নিউজ ডেস্ক:
সুদীৰ্ঘ দুটা মাহৰ বিৰতি পিছত আজি মাতৃভূমিত উপস্থিত হ’ব ৰাজ্য জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।সৰুসজাইত কিছু সময়ৰ পিছতে আহি উপস্থিত হ’ব শিল্পী জুবিন।মুম্বাইৰ পৰা চাৰিদিনীয়া বাছ যাত্ৰাৰে অসমত আহি আজি উপস্থিত হ’ব শিল্পী জুবিনসহ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সহযোগী শিল্পী।
উল্লেখ যে ১৪দিন শিল্পী জুবিনে কোৱাৰেণ্টাইনত থাকিব।ইফালে যাত্ৰা এখন ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে।উল্লেখ যে যোৱা শুকুবাৰে পুৱা ৭বজাত মুম্বাই আন্ধেৰী বাছেৰে যাত্ৰা আৰম্ভ কৰিছিল জুবিনে।
দীঘলীয়া বাছ যাত্ৰা অন্তত শিল্পী গৰাকীৰ আহি অসমত উপস্থিত হ’ব।গুৰুত্বপূৰ্ণ কথা এই যে জুবিন অহাৰ বিশেষ শ্বিলীপাৰ বাছখনত যাত্ৰী আছে মাত্ৰ চাৰিজন।













