ASSAM TIMES POST
ডিজিটেল ডেস্ক:
সমগ্ৰ বিশ্বতে ক’ভিড-১৯ ৰোগীক চিকিৎসা কৰি থকা বহু চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মী আক্ৰান্ত হৈছে৷ ইতিমধ্যে বহু চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ মৃত্যুও হৈছে৷ ক’ৰোনা যুদ্ধত এই সন্মুখৰ যোদ্ধাক সহায় কৰিবলৈ আহিছে যন্ত্ৰমানৱ বা ৰবট৷ আমেৰিকাৰ বষ্টন ডায়’নমিক্সে সম্প্ৰতি ঘোষণা কৰিছে যে তেওঁলোকে নিৰ্মাণ কৰা স্পট ৰবট এইবাৰ চিকিৎসক আৰু নাৰ্চক সহায় কৰিব৷ ইয়াৰ ফলত কম চিকিৎসক আৰু নাৰ্চ লৈ কাম কৰা সম্ভৱ হ’ব৷ তাৰ লগতে সংক্ৰমণৰ হাৰ কম হ’ব৷

ইতিমধ্যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ব্ৰিঘাম এণ্ড উইমেনছ হাস্পতালত যোৱা এটা সপ্তাহ ধৰি এন স্পট ৰবট ক’ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছে৷ ভাল ফলো পোৱা গৈছে বুলি চিকিৎসালয়খনৰ তৰফৰ পৰা জনাইছে৷ স্পট ৰবটে ক’ৰোনাত আক্ৰান্ত ৰোগীৰ প্ৰাথমিক পৰীক্ষা কৰিছে৷ যদি সুচাৰুৰূপে কাম হয় তেন্তে আন গুৰুত্বপূৰ্ণ কামৰ বাবে এই ৰবট নিৰ্মাণ কৰা হ’ব৷ ইয়াৰ লগতে বিভিন্ন চিকিৎসালয়ৰ বাবে অধিকসংখ্যক নিৰ্মাণ কৰি বজাৰত বিক্ৰী কৰা হ’ব৷













