ASSAM TIMES POST
নিউজ ডেস্ক:
অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে আজি ডিঙিত চিপ লৈ আত্মহত্যা কৰে। জানিব পৰা মতে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক অভিজিত শৰ্মাই বিশ্ববিদ্যালয় চৌহদতে আত্মহত্যা কৰে। কাৰ্যালয়ত ওলমি থকা অৱস্থাত আৰক্ষীয়ে শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে যদিও আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।













