ASSAM TIMES POST
ডিজিটেল ডেস্ক :
সোমবাৰে নিশা ১৪খন ৰাজ্যৰ বাবে আর্থিক ক্ষতিপূৰণৰ পেকেজ ঘোষণা কৰে কেন্দ্রই। মুঠ ৬ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে। কৰোনা মোকাবিলাত যুঁজিবলৈ ৰাজ্যসমূহৰ কাষত আছে কেন্দ্র, এই বার্তা দিয়েই আর্থিক পেকেজৰ ঘোষণা।
সোমবাৰে নিশা ৯ বজাত এই বিষয়ে ট্যুইট কৰে কেন্দ্ৰীয় বিত্তন্ত্রী নির্মলা সীতাৰমনে। তেওঁ জনায়, কেন্দ্রই মুঠ ৬,১৯৫ কোটি টকাৰ পেকেজ আবন্টন কৰিছে ১৪খন ৰাজ্যৰ বাবে। ১৫ সংখ্যক বিত্ত আয়োগৰ চুপাৰিছত এই টকা দিয়া হৈছে ৰাজ্যসমূহক। এই তালিকাত নাম থকা ৰাজ্যসমূহৰ ভিতৰত সর্বাধিক অনুদান পাইছে কেৰালা চৰকাৰে। ৰাজ্যখনে লাভ কৰিছে ১.২৭৬.৯১ কোটি টকা। পঞ্জাবে পাইছে ৬৩৮ কোটি টকা আৰু পশ্চিমবঙ্গৰ জোলোঙাত সোমাইছে ৪১৭.৭৫ কোটি টকা।
ইয়াৰ পূৰ্বে ১৩ এপ্রিলত বিত্ত মন্ত্ৰণালয়ে জনাইছিল যে ৬,১৯৫ কোটি টকা দিয়া হ’ব ১৪খন ৰাজ্যক। ইয়াৰ ভিতৰত আছে অন্ধ্রপ্রদেশ, অসম, হিমাচল প্রদেশ, কেৰালা, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাব, চিকিম. তামিলনাডু, ত্রিপুৰাও, উত্তৰাখণ্ড আৰু পশ্চিমবঙ্গ।













