ASSAM TIMES POST
কাজিৰঙাত অনাগত বানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা আৰু সংবাদমেলত মুখ্যমন্ত্ৰী সোনোৱাল
কাজিৰঙাৰ পৰা অজন্তা তালুকদাৰ:
কাজিৰঙাৰ অনাগত বানৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি কাজিৰঙাৰ কঁহৰাত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। কঁহৰাৰ আয়’ৰা ৰিজৰ্টত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ তিনিগৰাকী মন্ত্ৰী ক্ৰমে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, আবকাৰী আৰু বনমন্ত্ৰী পৰিমল শুক্লবদ্য, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে গোলাঘাট, নগাঁও, শোনিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং এই পাঁচ জিলাৰ উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু বন সংমণ্ডল প্ৰাধিকাৰীসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হৈ অনাগত বাৰিষাৰ বানৰ কাজিৰঙাই সন্মুখীন হ’ব পৰাকৈ প্ৰস্তুতিৰ বিষয়ে এলানি আলোচনাত বহে।

পৰ্যালোচনা সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে উল্লেখ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টা তথা চোকা নিৰাপত্তা ব্যৱস্থাৰ বাবে গঁড়ৰ চোৰাংচিকাৰ যথেষ্ট পৰিমাণে কমি গৈছে। বিগত ২০১৯ বৰ্ষৰ ১ এপ্ৰিলত এটা গঁড় মৰা পৰাৰ পাছত এটা বছৰৰ পাৰ্থক্যত চলিত বৰ্ষৰ ৯ মে’ত এটা গঁড়ৰ জঁকা উদ্ধাৰ হৈছে। লগতে সঞ্চালক গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সোনোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কল্যাণৰ বাবে প্ৰদান কৰা সকলো পৰামৰ্শ উদ্যান কৰ্তৃপক্ষই কাৰ্যকৰী কৰিবলৈ প্ৰচেষ্টা আগবঢ়াইছে।

উল্লেখ্য যে বিগত বৰ্ষৰ বানৰ সময়ত কাজিৰঙাত ৩৩ টাকৈ হাইলেণ্ড নিৰ্মাণেৰে উদ্যানখনত বন্যজীৱৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস কৰিব পৰা গৈছিল। এইবৰ্ষও ইতিমধ্যে ৫ টা হাইলেণ্ড নিৰ্মাণৰ চিন্তা চৰ্চা কৰি থকা হৈছে। গতিকে অনাগত বানত কিদৰে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰি সেই সন্দৰ্ভতো পৰ্যালোচনা সভাখনিত চিন্তা চৰ্চা কৰা হয়। পৰবৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে কাজিৰঙাৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰিণ্ট আৰু বৈদ্যুতিন দুয়ো মাধ্যমৰ সাংবাদিকৰ সৈতে ৰিজ’ৰ্টখনত এক সংবাদমেলত মিলিত হয়।
সংবাদমেলত কেউগৰাকী মন্ত্ৰীৰ উপস্থিতিত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে অসমক বিশ্ব দৰবাৰত ডাঙি ধৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সকলো সময়তে সুন্দৰ ৰূপত ধৰি ৰাখিব লাগিব প্ৰতিজন অসমীয়াই। এশিঙীয়া গঁড়ৰ বাবেই বিশ্ব দৰবাৰত এটি স্থান পাইছে অসমে। সেয়েহে কাজিৰঙাৰ গঁড় হত্যাক লৈ দুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কাজিৰঙাৰ পৰ্যটক উদ্যোগে অসমৰ সামগ্ৰিক অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে।
সেয়ে প্ৰতিবছৰে বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা হয় আৰু এই বছৰো অসম চৰকাৰৰ বন বিভাগৰ তৰফৰ পৰা চুবুৰীয়া পাঁচখন জিলাৰ মিলিত প্ৰচেষ্টাৰে অনাগত বানৰ পৰা কাজিৰঙাক বচোৱাৰ প্ৰচেষ্টা লোৱা হৈছে। বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে এই চৰকাৰখনে আৰম্ভণিৰে পৰা বিভিন্ন প্ৰচেষ্টা হাতত লৈছে আৰু বানপানীৰ সময়ত যাতে বন্যপ্ৰাণীৰ অবস্থাৰ সুযোগ লৈ চোৰাংচিকাৰী উদ্যানত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবেও চৰকাৰ সাজু আছে বুলি সংবাদমেলত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
অনাগত বানপানীত উদ্ধাৰ অভিযানৰ বাবে ইতিমধ্যে কাজিৰঙাত সাজু আছে ৩০০ হাত নাৱঁৰ লগতে বহু সংখ্যক মেচিন নাওঁ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা, সুদক্ষ কৰ্মচাৰী, দক্ষতাসম্পন্ন পশু চিকিৎসক। ৩ কোটি ৩০ লক্ষ অসমীয়াৰ গৌৰৱ এই পৰ্যটন উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যথেষ্ট বৰঙণি আগবঢ়াইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে কভিড-১৯ ৰ বাবে এই উদ্যোগৰ অৰ্থনীতিত যথেষ্ট আঘাট হ’ল যদিও সেয়া আগবঢ়োৱাৰ বাবে চৰকাৰৰ তৰফৰ পৰা যথেষ্ট চিন্তা চৰ্চা কৰি থকা হৈছে।
উল্লেখ্য যে আজিৰ সংবাদমেলতে কাজিৰঙাৰ প্ৰতিগৰাকী জীপ চালকলৈ মুখ্যমন্ত্ৰীয়ে দুহেজাৰ টকাকৈ সাহায্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে অসমৰ ৰাইজক পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকি, মাস্ক পৰিধানৰ লগত সামাজিক আৰু শাৰিৰীক দূৰত্ব মানি চলি একতাৰে কৰ’ণা ভাইৰাচৰ বিৰুদ্ধে এক শক্তিশালী যুঁজত অৱতীৰ্ণ হ’বলৈ সংবাদকৰ্মী সকলৰ জড়িয়তে অসমৰ ৰাইজলৈ অনুৰোধ কৰে।
তেওঁ আৰু কয় যে ইতিমধ্যে অসমত ৬৬ হাজাৰ ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ শ্ৰেণীৰ উদ্যোগৰে এশ শতাংশ শ্ৰমিক লৈ কাম আৰম্ভ হৈছে যিয়ে নিম্নগামী হোৱা অৰ্থনীতিক সোনকালে অধিক টনকিয়াল কৰিব। মুখ্যমন্ত্ৰীয়ে আৰু জানিবলৈ দিয়ে যে বহিঃৰাজ্যত আবদ্ধ লোক সকলক অসমলৈ ঘূৰাই অনাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে দিছে আৰু এই সকল লোকৰ জড়িয়তে অসমৰ ৰাইজলৈ ভাইৰাচবিধৰ সংক্ৰমণৰ মাত্ৰা বৃদ্ধিত বাধা দিয়াত স্থানীয় প্ৰশাসনৰ লগতে ৰাইজৰো ভূমিকা বাঞ্ছনীয়। স্বাস্থ্য বিভাগে বিভিন্ন জিলা প্ৰশাসনৰ সৈতে মিলি আনুষ্ঠানিক কোৱাৰেণ্টাইন ব্যৱস্থা প্ৰস্তুত কৰি এইক্ষেত্ৰত দায়িত্ব সম্পন্ন মন্ত্ৰীসকলৰ তত্বাৱধানত জিলাই প্ৰতি ব্লক পৰ্যায়ত কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহৰ উন্নয়ন কৰিব লাগিব।
লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে সময়মতে লোৱা লক-ডাউনৰ ব্যৱস্থাৰ বাবে পশ্চিমৰ দেশৰ তুলনাত ভাৰতত কৰ’ণা ৰোগীৰ মৃত্যুৰ হাৰ যথেষ্ট কম। বিদেশত আবদ্ধ অসমীয়া সকলে দেশলৈ উভতি আহিবলৈ কি কৰিব লাগিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সেই দেশত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।
বিভিন্ন ব্যৱসায়িক মহলৰ সৈতেও ইতিমধ্যে অসম চৰকাৰে মত বিনিময় কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী জনাই। অসমত লক-ডাউনৰ মাজতে বিভিন্ন বিভাগত চলি থকা কেলেংকাৰীৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এনে কেলেংকাৰীত জড়িত কোনো বাচি যাব নোৱাৰে। সাংবাদিকে আঙুলিয়াই দিয়া প্ৰতিটো কেলেংকাৰী সন্দৰ্ভত চৰকাৰে তদন্ত কৰিছে আৰু প্ৰমাণিত হ’লে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সংবাদমেলৰ শেষত বনকৰ্মী সকল আৰু সাংবাদিক সকলৰ মাজত মুখ্যমন্ত্ৰীয়ে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।













