ASSAM TIMES POST
নগাঁও : ক’ৰোনা ভাইৰাছ সক্ৰংমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশজুৰি অব্যাহত থকা লকডাউনৰ নীতি নিৰ্দেশনাৰ বাবে সমাজৰ একাংশ লোকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। বিশেষকৈ লকডাউন আৰম্ভ হোৱা সময়ৰ পৰা শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জৰিত লোক সকলৰ জীৱন জীৱিকাৰ পথ প্ৰায় বন্ধ হৈ পৰিছে।
লকডাউনৰ বাবেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা শব্দযন্ত্ৰী সকল ভীষণ সমস্যাৰ সৃষ্টি হৈছে । লকডাউনৰ বাবে এইবাৰ ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাতো ৰঙালী বিহু উদযাপন কৰা নহ’ল। ৰঙালী বিহুৰ সময়ত সাধাৰণতে জিলাখনৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে গায়ক সকলৰ লগতে শব্দযন্ত্ৰী সকলে উপাৰ্জনৰ পথ উলিয়াই।

এইবাৰ লকডাউনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।তৃতীয় পৰ্যায়ৰ লকডাউনত ৰাজ্য চৰকাৰে কিছু কিছু ক্ষেত্ৰত শিথিলতা আনি দিছে যদিও ছেলুন,বিউটি পাৰ্লাৰ বন্ধ হৈ আছে। ছেলুন, বিউটি পাৰ্লাৰ, স্পা আদি লকডাউনৰ বাবে বন্ধহৈ থকাত এওলোকৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত হাহাকাৰ সৃষ্টি হৈছে । বিভিন্ন জনে ব্যক্তিগত ভাবে এওলোকক সহায়ৰ হাত আগবঢ়াইছে যদিও এওলোকৰ বহুতে চৰকাৰী সাহাৰ্য লাভ কৰা নাই।
এই সকল শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জৰিত লোকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আজি আগবাঢ়ি আহে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । আজি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পৃথকে পৃথকে হোৱা অনুষ্ঠানত বিধায়ক গৰাকীয়ে শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জৰিত লোক সকলক অত্যাবশ্যকীয় খাদ্য সামগ্ৰী বিতৰন কৰে।
এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে লকডাউনৰ বাবে শব্দযান্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জৰিত লোক সকলৰ অতি কষ্ট হৈছে । জীৱন জীৱিকাৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে। এই সংকটৰ সময়ত আমি তেওঁলোকক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছো।
এই লোক সকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহবান জনাইছে বিধায়ক ৰূপক শৰ্মাই। আজি শতাধিক শব্দযন্ত্ৰী আৰু পাছ শতাধিক ছেলুন ব্যৱসায়ৰ লগত জৰিত লোকক খাদ্য সামগ্ৰী বিতৰন কৰে বিধায়ক গৰাকীয়ে। বিধায়ক গৰাকীৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।













