ASSAM TIMES POST
নগাঁও :নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ নাৰ্চ সকলে আজি ধাত্ৰী দিৱসৰ আনুষ্ঠানিকতা পালন কৰে । লকডাউনৰ বাবে সীমিত পৰিসৰত সামাজিক দূৰত্ব মানি নাৰ্চ সকলে এই দিৱস পালন কৰে ।উল্লেখ্য, মহীয়সী নাৰী ফ্লোৰেঞ্চ নাইটিংগেলৰ জন্ম দিনতো নাৰ্চ সকলে প্ৰতি বছৰে ধাত্ৰী দিৱস হিচাবে পালন কৰি আহিছে ।
আজি নগাঁৱৰ নাৰ্চ সকলে বন্তি প্ৰজ্বলনেৰে এই দিৱসৰ শুভাৰম্ভ কৰে । বন্তি প্ৰজ্বলন কৰে চিকিৎসালয়খনৰ জ্যেষ্ঠ নাৰ্চ ৰাজশ্ৰী শইকীয়া আৰু চুনীত প্ৰভা মেধীয়ে । অনুলেখা দেবীয়ে আঁত ধৰা অনুষ্ঠানত জীৱনী আৰু কবিতা পাঠ কৰে ক্ৰমে দীপিকা শইকীয়া আৰু কবিতা বৰুৱাই ।
আনুষ্ঠানতে ৰেখামনি কলিতাৰ পৰিচালনাত সুধাকন্থ ড: ভূপেন হাজৰিকাৰ ”মানুহে মানুহৰ বাবে” গীতটি নাৰ্চ সকলে সমবেতভাবে আৰু চুনীত প্ৰভা মেধীয়ে বৰগীত পৰিবেশন কৰে । অনুষ্ঠানতে নাৰ্চ সকলে ফ্লোৰেঞ্চ নাইটিংগেলৰ জীৱন দৰ্শনৰ বিষয়ে আলোকপাত কৰে ।













