ASSAM TIMES POST
গুৱাহাটী :দেশত ক’ৰনা বিৰুদ্ধে চতুৰ্থ পৰ্যায় লকডাউন ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে জনতাৰ বাবে ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ।মঙলবাৰে দেশবাসীক সম্বোধন কৰি মোডীয়ে ঘোষণা কৰা অৰ্থনৈতিক পেকেজক সমৰ্থনযোগ্য আখ্যা দিলে বিৰোধীৰ দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই।
তেওঁ কয় প্ৰধানমন্ত্ৰী মোডীয়ে অৰ্থনৈতিক পেকেজ ঘোষণাৰে দেশবাসীক আত্মনিৰ্ভৰশীল হবলৈ জনোৱা আহ্বান সমৰ্থন যোগ্য।ঘোষণা কৰাৰ ২০লাখ কোটি টকা পেকেজৰ ফলাফললৈ আমি অপেক্ষা কৰিব লাগিব।কাৰণ দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত মজদূৰ লকডাউনৰ বাবে গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰিছে।
সেই ঘূৰি অহা মজদূৰ তথা শ্ৰমিক সকলক পুনৰ কাৰখানাসমূহলৈ ঘূৰি যাব পৰাকৈ চৰকাৰে কিমান আত্মবিশ্বাস দিব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব ভৱিষ্যতৰ উদ্যোগ জগতখন ।শইকীয়াই লগতে কয়-পূৰ্বতেও দেশত মেক ইন ইণ্ডিয়া কাৰ্যক্ৰম চলোৱা হৈছিল।সেই সময়ত যি দৰে উদ্যোগক্ষেত্ৰখন আগবাঢ়িব লাগিছিল তাক দেখা পোৱা নগল।
গতিকে ২০ লাখ কোটি টকা অৰ্থনৈতিক পেকেজ কিমানদূৰ ৰূপায়ন হব ছোৱা পিছতহে কব পৰা যাব- বিধায়ক শইকীয়াই কয়।চৰকাৰে পূৰ্বে ঘোষণা কৰা বহু আঁচনি কার্যত ৰূপায়ণ হোৱা নাছিল বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে কয় “বিগত লকডাউনৰ ৫০টা দিনে প্ৰধানমন্ত্ৰীৰ জন-ধন আঁচনি খাদ্য সুৰক্ষাৰ পৰা ৮০কোটি মানুহৰ ২৫কোটি বঞ্চিত হৈ আছে।
৫০ শতাংশ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ জন-ধন যোজনা তথা গৰিব কল্যাণ আঁচনিৰ অৰ্থনৈতিক সহায় পোৱা নাই”।বৰ্তমান সময় দুৰ্দশাগ্ৰস্ত হোৱা সকলক আমি প্ৰথম আশ্বস্ত কৰিব লাগিব।তাৰ পিছতহে তেওঁলোকৰ জৰিয়তে অৰ্থনৈতিক ভাৱে দেশক আগবঢ়াই নিব লাগিব-বিধায়ক শইকীয়াই লগতে কয়।













