ASSAM TIMES POST
বোকাখাত : প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লক-ডাউনৰ ফলত থানবান হোৱা দেশৰ অৰ্থনীতিৰ পুণৰুদ্ধাৰৰ বাবেই যথেষ্ট শিথিল কৰি দিয়া হৈছে তৃতীয় পৰ্যায়ৰ লক-ডাউন। কিন্তু বোকাখাতত এই শিথিলতাৰ সুযোগ লৈছে এশ্ৰেণী লোক। যাৰ বাবে অসাৰ প্ৰতিপন্ন হৈছে বোকাখাতত মহকুমা প্ৰশাসন, স্বাস্থ্য আৰু চিকিৎসা বিভাগ, আৰক্ষী প্ৰশাসনৰ লগতে সংবাদকৰ্মী আৰু ভালে সংখ্যক দল-সংগঠন, সচেতন নাগৰিক আৰু অনুস্থান-প্ৰতিষ্ঠানৰ কভিদ-১৯ ৰোধ আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ বাবে চলোৱা অহৰহ প্ৰচেষ্টা।

লক-ডাউন সামান্য শিথিল কৰাৰ দিন ধৰি দৈনিক বোকাখাত নগৰলৈ ওলাই আহিছে শ শ লোক। সৰু গাড়ী, অটো, ৰিক্সা, ই-ৰিক্সা, বাইক, স্কুটীৰ এনে এক পৰিবেশ ৰচনা কৰিছে যেন বোকাখাতৰ পৰা সমুলঞ্চে নিৰ্মূল হ’ল কৰ’না ভাইৰাছ। কিছুদিনৰ আগতে কভিড-১৯ ৰ আগ্ৰাসনত ৰেড জ’নৰ পৰা গ্ৰীণ জ’নলৈ উন্নীত হোৱা বোকাখাতৰ তিনি জনকৈ লোক একে ৰোগত দিল্লীত চিকিৎসাধীন হৈ থকা, দেশ ব্যাপি দ্ৰুত গতিত কৰ’ণা ভাইৰাচ কভিড-১৯ ত হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱাৰ যেন কোনো খবৰেই নাই।
স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদমেলযোগে জনোৱা নীতি নিয়ম উলংঘন কৰি নগৰত খুলিবলৈ ল’লে ইখনৰ পাছত সিখন দোকান। বেংক সমূহৰ সন্মুখত উপস্থিত হ’ল হেজাৰোধিক লোক। কোনো ধৰণৰ সামাজিক আৰু দৈহিক দূৰত্বৰ কথা নাই ।
চৰকাৰী সাহাৰ্যৰ টকা কেইটা উলিয়াবলৈ হেতাওপৰা লগাইছে গ্ৰাহকে। মুলতঃ চাহ শ্ৰমিকৰ এটা বৃহৎ সমাগম বেঙ্কৰ সমুখত। সঘনাই বোকাখাতত মহকুমাধিপতি বিবেক শ্যামে দণ্ডাধীশ সহ এই অৰাজক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হৈছে। আৰক্ষীৰ যানজঁট শাখাই নিৰলস ভাবে যানবাহনৰ লগতে তদাৰক কৰিব লগাত পৰিছে অবৈধ ভাৱে সৰবৰাহ হোৱা গুটখা আৰু দেশী বিদেশী সুৰা।
হেলমেট পৰিধান নকৰাকৈ বাইকত দুই তিনিজন উঠি অহা, প্ৰয়োজন নোহোৱাকৈ নিজা গাড়ীৰে টহল দিবলৈ অহা, মাস্ক পৰিধান নকৰাকৈ বীৰদৰ্পে ওলাই অহা একাংশক তাৎক্ষনিকভাৱে ৰখাই যান বাহন জব্দ কৰাৰ লগতে ইউ এচ ০০৭০/অ’-এচ ধাৰা মতে দণ্ড বিহি ভৰাইছে জৰিমনা।
বোকাখাতৰ প্ৰশাসনীয় কাঢ়া ৰূপ দেখি বহুতেই পলায়ন কৰাৰ লগতে একাংশ দোকানৰ ছাটাৰ বন্ধ হৈ যায়। এনে বিপৰ্যয়ৰ সময়ত বোকাখাতৰ একাংশ লোকে সৃষ্টি কৰা এই অৰাজক পৰিস্থিতিৰ বাবে লক-ডাউন শিথিল কৰাই মূল কাৰণ বুলি বহুতেই মত পোষণ কৰিছে। লক-ডাউনৰ তৃতীয় পৰ্যায়ৰ শিথিলতা পুণৰ চৰকাৰে বিবেচনা কৰা প্ৰয়োজন বুলিও সচেতন নাগৰিকে মত পোষণ কৰিছে।













