ASSAM TIMES POST
ডিজিটেল ডেস্ক :
গুৱহাাটীত নতুনকৈ ১৫জন লোকৰ দেহত কোৰোণা পজিটিভ ধৰা পৰাৰ পিছতে তৎপৰ হৈ পৰিছে প্ৰশাসন। কাইলৈৰ পৰা অহা তিনিদিনলৈ ফাঁচী বজাৰ বন্ধৰ আহ্বান। কামৰূপ চেম্বাৰছ অব কমাৰ্চৰ এই বন্ধৰ আহ্বান।
বন্ধ থাকিব ফাঁচী বজাৰৰ সকলো দোকান-পোহাৰৰ লগতে কাৰ্যালয়সমূহো।বন্ধ থাকিব টিআৰপি ৰোড, কেডাৰ ৰোড, এম জি ৰোড, এইচ বি ৰোড, চেম্বাৰ ৰোড, এম এছ ৰোড, এম এম ৰোড, এছআৰচিবি ৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠান। ছেনিটাইজেচনৰ বাবে বন্ধৰ আহ্বান জনাইছে চেম্বাৰ অব কমাৰ্চে। ফাঁচী বজাৰত এইপৰ্যন্ত কোভিডত আক্ৰান্ত হৈছে ১৬জন লোক।













