ASSAM TIMES POST
নিউজ ডেস্ক:
দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰথমখন যাত্ৰীবাহী ৰেলগাড়ী বুধবাৰে ডেৰ ঘণ্টা পলমকৈ ৰাতি ৯.৩০ বজাত আহি গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হয়।গুৱাহাটীৰ ষ্টেচনত বিশেষ যাত্ৰীবাহী ৰেল খনৰ পৰা ১৩০ গৰাকী যাত্ৰী নামে।

ইফালে ১৩০গৰাকী যাত্ৰীৰ ৫১গৰাকীক পুনৰ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰত স্কেনিং কৰা হয়।সংগ্ৰহ কৰা হৈছে ছোৱাব।তাৰে ৫১জনক কোৱাৰেণ্টাইন কৰা হৈছে।যাত্ৰীসকল গুৱাহাটী আহি পোৱা সময়ত ষ্টেচনত উপস্থিত আছিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চিকিৎসকৰ বিশেষ দল আৰু আৰক্ষী প্ৰশাসনৰ উচ্চপদস্ত বিষয়াসকল।

স্বাস্থ্যমন্ত্ৰী শৰ্মাই নিজে উপস্থিত হৈ যাত্ৰী সকলক স্কেনিং পৰ্যবেক্ষণ কৰে। আনহাতে অন্য যাত্ৰী সকলক নিজ-নিজ জিলালৈ পঠিওৱা ব্যৱস্থা কৰা হৈছে।তাতে তেওঁলোকক কৰা হব কোৱাৰেণ্টাইন।













