ASSAM TIMES POST
নিউজ ডেস্ক:
আজি পুৱা ৫ বজাত মৰিয়নি ৰেল ষ্টেচনত উপস্থিত হয় দিল্লী পৰা ডিব্ৰুগড় অভিমুখীৰ বিশেষ যাত্ৰীবাহীৰ ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ী খন।বিশেষ ৰেলগাড়ী খনৰ পৰা মৰিয়নী ৰেল ষ্টেছনত ৩৭গৰাকীকৈ যাত্ৰী নামে।যাত্ৰীসকল হৈছে যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলা।
উল্লেখ যে শিৱসাগৰ আৰু গোলাঘাট জিলা যাত্ৰীৰ সকলক নিজৰ জিলালে লৈ যোৱাৰ বিপৰীতে যোৰহাট জিলাৰ যাত্ৰী সকলক কাজিৰঙা বিশ্ব- বিদ্যালয়ত কৰা হয়কোৱাৰেণ্টাইন।
আনহাতে ৰেলখন আহি পোৱাৰ সময়ত মৰিয়নী ৰেল ষ্টেচনত উপস্থিত থাকে মৰিয়নী সমষ্টি বিধায়ক ৰূপজ্যোতি কুর্মী।যাত্ৰীৰ সকলৰ স্কেনিং ব্যৱস্থা বিধায়ক গৰাকীয়ে তদাৰক কৰে।তেওঁ কয় “আমাৰ ভয় লাগি আছিল, চিন্তিত হৈছিলোঁ কোনোবা কোভিড-১৯ ৰোগী ৰেলখনত আহিলে কি হ’ব।
কিন্তু ভাল লাগিল ৰেলখনৰ পৰা যেতিয়া যাত্ৰীৰ সকল নামিল।কোনো যাত্ৰীৰ মুখত ভাগৰুৱা ভাৱ দেখা নাপালোঁ। জ্বৰ-শ্বৰদী-কাঁহো কোনো যাত্ৰীৰ নাই।এনেকুৱা লাগিছে কোভিড-১৯ৰ পৰা বাচিছো।কোভিদ-১৯ ৰোগী ৰেলখনত অহা নাই দৰে ধাৰণা হৈছে”।
উল্লেখ যে যোৰহাট জিলা যাত্ৰী সকলক পৰৱৰ্তী সময়ত নিজ-নিজ সমষ্টিত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰসমূহলৈ লৈ যোৱা হ’ব- বিধায়ক কুর্মীয়ে কয়।ৰোগীসকল হোম কোৱাৰেণ্টাইনলৈ লৈ যোৱা সময়ত আমি তীক্ষ্ণ ভাৱে নজৰ ৰাখিব লাগিব।সেই সময়ত অঞ্চলবাসীয়ে আঁতৰৰ পৰা অৰ্থাৎ ঘৰলৈ নাহি আপোন মানুহ হিচাপে সহায় কৰিব লাগিব।













